বৰপেটা : ৰাজ্যজুৰি অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে বৰপেটাত আবকাৰী বিভাগৰ চুলাই মদৰ বিৰুদ্ধে অভিযান। বৰপেটাত আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই ১০০ লিটাৰ চুলাই মদ বিনষ্ট কৰে। অভিযানকালত আবকাৰী বিভাগে আটক কৰে ৫ জনকৈ চুলাই মদ ব্যৱসায়ীক।

বৰপেটা জিলাত আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে ব্যাপক অভিযান গঢ়ি তুলিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আবকাৰী বিভাগে চুলাই মদ বিৰোধী অভিযান চলাই ১০০ লিটাৰ চুলাই মদ বিনষ্ট কৰাৰ লগতে ৫ জনকৈ চুলাই মদ ব্যৱসায়ীক আটক কৰিছে। বৰপেটা আৰু পাঠশালা আবকাৰী বিভাগৰ অভিযানত ১০৫ কেজি চুলাই মদ প্ৰস্তুত কৰা কেচা সামগ্ৰীও জব্দ হয়।

বৰপেটা আবকাৰী বিভাগে তাৰাবাৰী থানাৰ অন্তৰ্গত বাটগাঁও আৰু সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাজদিয়া আৰু বৰপেটা ৰোডৰ ৰে’লৱে লাইন আৰু শংকৰদেৱ পথত অভিযান চলাই ৫ জন লোকক আটক কৰাৰ লগতে প্ৰায় ৬০ লিটাৰ চুলাই মদ বিনষ্ট কৰে। ইফালে পাটাছাৰকুছী আবকাৰী বিভাগে অকয়া, নিত্যানন্দ আৰু বিলপাৰত অভিযান চলাই ৪০ লিটাৰ চুলাই মদৰ লগতে ৮০ কেজি চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী বিনষ্ট কৰে।