জোনমণি বেগম

বিশ্বনাথ : ৰাজ্যত পুনৰ আৰক্ষীৰ গুলী চালনা। চোৰাং চিকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত আহত চোৰাং চিকাৰীজন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ লগত জড়িত আছিল চোৰাং চিকাৰীজন।

বিশ্বনাথত আৰক্ষীৰ গুলীত আহত হৈছে এজন চোৰাং চিকাৰী৷ বিশ্বনাথত চোৰাং চিকাৰীৰ ঘাটি দেখুৱাবলৈ যোৱাৰ সময়ত আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে চোৰাং চিকাৰীজনক। লক্ষ্য কৰি গুলী চালনা কৰে। গুলীবিদ্ধ চোৰাং চিকাৰীজনৰ নাম দিলোৱাৰ হুছেইন।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ লগত জড়িত আছিল দুধৰ্ষ চোৰাং চিকাৰী দিলোৱাৰ হুছেইন। বিশ্বনাথৰ বলডোঙাৰ দিলোৱাৰ হুছেইনক কিছুদিন পূৰ্বে জোনাইত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। গুলীবিদ্ধ দিলোৱাৰ হুছেইন তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।