গুৱাহাটী, ১৩ অক্টোবৰ, ২০২৩ : মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদানৰ (Cycle Distribution) শুভাৰম্ভ কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এই উপলক্ষে কেবা হাজাৰ শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত দহ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে চাইকেল প্ৰদান কৰে৷ বাকীসকলক পৰৱৰ্তী সময়ত চাইকেলবোৰ দিয়া হ’ব৷

চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে ৰূপায়িত আঁচনিখনৰ অধীনত কামৰূপ মহানগৰ জিলাৰ মুঠ ৮৬০৮ গৰাকী শিক্ষাৰ্থীক চাইকেল দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ দিয়া সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয়, ‘মুখ্যমন্ত্ৰীয়ে অসমৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সকলো শ্ৰেণীৰ লোকৰ বাবে আঁচনি লৈছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও বহুকেইখন আঁচনি লোৱা হৈছে৷

শিক্ষাৰ্থীসকলে খোজকাঢ়ি বিদ্যালয়লৈ অহা-যোৱা কৰোতে হোৱা অসুবিধাৰ কথা বিবেচনা কৰি তেওঁলোকক চাইকেল দিয়াৰ পদক্ষেপ লোৱা হৈছে৷’ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয়, ‘এতিয়া প্ৰতিযোগিতাৰ যুগ৷ সকলোৱে ভালকৈ পঢ়া৷ নহ’লে পৰীক্ষা পাছ কৰিবা, কিন্তু বৰ্তমানৰ কঠিন প্ৰতিযোগিতাত উত্তীৰ্ণ হ’ব নোৱাৰিবা৷ সকলোৱে পঢ়া-শুনা কৰি নিজকে দক্ষ কৰিবলৈ চেষ্টা কৰা৷ নিজকে মানৱ সম্পদ হিচাপে গঢ়িবলৈ কষ্ট কৰা৷’

প্ৰযুক্তিৰ নিৰন্তৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই আৰু তাৰ সুযোগ লৈ আগবাঢ়ি যাবলৈ মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়৷ অভিভাৱক সকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয়, ‘নম্বৰ সৰহকৈ পোৱাৰ ফেছন হৈছে এতিয়া৷ নম্বৰ নহয়, উদ্দেশ্য হ’ব লাগে মানুহ গঢ়াৰ৷’ মন্ত্ৰীগৰাকীয়ে দেশ-বিদেশ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ বৰ্ণনাৰে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰে৷

সভাখনত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰনীয়া, উচ্চ শিক্ষাৰ সঞ্চালক পমী বৰুৱা, শিক্ষামন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকে৷