গুৱাহাটী, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰ : এইয়া পূজাৰ বতৰ । পূজাৰ বাবে পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰা হয় মূৰ্ত্তি । পাছে দুখৰ বিষয় এয়ে যে পূজা সমাপ্ত হোৱাৰ পাছত পথৰ দাঁতিতে মূৰ্ত্তিসমূহ পেলাই থৈ যায় একাংশই । কিন্তু এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে প্ৰশাসনে । প্ৰশাসনে মূৰ্ত্তি বিসৰ্জনৰ নিৰ্দেশ দিয়ে যদিও কোনোধৰণৰ গুৰুত্ব দিয়া দেখা নাযায় ।

শেহতীয়াকৈ বিশ্বকৰ্মা পূজাৰ পাছত পূজাৰ মূৰ্ত্তিসমূহ পথৰ কাষতে পেলাই পৰিৱেশ লেতেৰা কৰা দেখা পোৱা গৈছে। এই ক্ষেত্ৰত এক বিশেষ পদক্ষেপ হাতত লৈছে ইণ্ডিয়ান অইলে।

ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি কোম্পানীটোৱে আৰম্ভ কৰিছে স্বচ্ছতা অভিযানৰ। ৰাস্তাই-ঘাটে পৰি থকা মূৰ্ত্তিসমূহ বৈজ্ঞানিক পদ্ধতিৰে বিসৰ্জনৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে কোম্পানীটোৱে ।

এই অভিযানৰ শুকুৰবাৰে নুনমাটিস্থিত ইণ্ডিয়ান অইলৰ বিপনন মুখ্য কাৰ্যালয়ত মুখ্য প্ৰবন্ধক উত্তিয়া ভট্টাচাৰ্যই শুভাৰম্ভনি কৰে । দেশৰ লগতে মহানগৰীক স্বচ্ছ কৰাৰ উদ্দেশ্যে ইণ্ডিয়ান অইলে ইতিমধ্যে কেইবাটাও পদক্ষেপ লৈছে ।

ইফালে পূজাৰ পিছত য’তে-ত’তে মূৰ্ত্তি পেলোৱাৰ পৰিবৰ্তে বিসৰ্জন দিবলৈ ৰাইজক অনুৰোধ জনায় উত্তিয়া ভট্টাচাৰ্যই।

উল্লেখযোগ্য যে শনিবাৰৰ পৰা মূৰ্ত্তি বিসৰ্জনৰ অভিযান আৰম্ভ কৰিছে ইণ্ডিয়ান অইলে। যদি কোনো ব্যক্তিয়ে ৰাজহুৱা স্থানত মূৰ্তি পৰি থকা প্ৰত্যক্ষ কৰে তেনেহল ইণ্ডিয়ান অইলৰ নুনমাটিস্থিত কাৰ্য্যালয়ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে কোম্পানীটোৱে।