কলগাছিয়া, সংবাদ ৩৬৫, ২৯ আগষ্ট : এজনী গাই গৰুক লৈ চলিছে চৰম অপপ্ৰচাৰ। গাই গৰুজনী দৈৱ গুণ সম্পন্ন। যাৰ বাবে গো মাতাই পোৱালী জন্ম নিদিয়াকৈ বা গৰ্ভধাৰণ নকৰাকৈ দৈনিক ১৩ লিটাৰকৈ দিয়ে গাখীৰ। এই গাখীৰ ঔষধি আৰু দৈৱ গুণ সম্পন্ন। দৈৱ গাইজনীৰ গাখীৰ খাই পেটৰ অসুখ, মূৰৰ বিষ, পেৰালাইচিচ আদি মাৰাত্মক বেমাৰ-আজাৰ ভাল হৈছে বুলি চলিছে অপপ্ৰচাৰ । এই দৈৱ গাইজনীৰ গাখীৰ খালে মনৰ আশাও পূৰণ হয় বুলি এক অপপ্ৰচাৰ চলোৱাত অন্ধবিশ্বাস বিয়পি পৰিছে অঞ্চলটোত।

ইয়াৰ উপৰিও ঈশ্বৰীক গো- মাতা তথা দৈৱ গাইগৰু জনীৰ শৰীৰৰ পৰা ওলায় সুগন্ধি। এই দৈৱ গো-মাতাই মাত্ৰ ৭ মাহ বয়সতেই হেনো দিছিল দিনত আঢ়ৈ লিটাৰকৈ গাখীৰ।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ খেল্লী গাঁৱৰ ফজৰ আলীৰ ঘৰত সংঘটিত হোৱা এই নাভুত নাশ্ৰুত কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। ফলত হাজাৰ হাজাৰ ৰোগীৰ লগতে দূৰ দূৰণিৰ পৰা লানি নিচিগা সোঁত ববলৈ ধৰিছে অন্ধবিশ্বাসৰ বিশ্বাসত বলিয়ান হোৱা দৰ্শকৰ।

বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসালয়ৰ পৰিৱৰ্তে এতিয়া গো- পালক ফজৰ আলীৰ ঘৰলৈ ঢাপলি মেলিছে হাজাৰ হাজাৰ লোক। কাহানিও নেদেখা এই নাভূত নাশ্ৰুত গাই গৰুজনীক দৈৱ গো মাতা বুলি আখ্যা দিছে ৰাইজে।