সোণাপুৰ, ১৭ জুনঃ বিশ্ব শান্তিৰ বাণী প্ৰচাৰৰ উদ্দেশ্যে সূদূৰ আয়াৰলেণ্ডৰ ছাত্ৰ-ছাত্ৰীয়ে সোণাপুৰৰ ৰাজপথত বাটৰ নাট প্ৰদৰ্শন কৰে৷ সাত-সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা আয়াৰলেণ্ড বিশ্ববিদ্যালয়ৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডনবস্ক বিশ্ববিদ্যালয়ৰ উদ্যোগত সোণাপুৰৰ সাপ্তাহিক বজাৰত ৰাজ্যৰ বিভিন্ন জলন্ত সমস্যাক লৈ বাটৰ নাট পৰিবেশন কৰে৷ সমাজত দিনক-দিনে বৃদ্ধি পোৱা নাৰী নিৰ্যাতন, মাদক দ্ৰব্য সেৱন বন্ধ কৰা, শিক্ষাৰ অধিকাৰ, ঘৰুৱা অধিকাৰ সুৰক্ষিত কৰা আদিক বিষয়-বস্তু হিচাপে লৈ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন শ্ল’গানেৰে বাটৰ নাটখন প্ৰদৰ্শন কৰে৷ নাটৰ মাজত বিদেশী ছাত্ৰ-ছাত্ৰীসকলে ভূপেন দাৰ চিৰসেউজ গীত পৰিবেশন কৰে৷ ডিঙিত গামোচা পিন্ধি অসম মাতৃৰ শ্ল’গানেৰে বিদেশী ছাত্ৰ-ছাত্ৰীসকলে ডনবস্ক বিশ্ববিদ্যালয়ৰ উদ্যোগত প্ৰদৰ্শন কৰা বাটৰ নাটখন সকলোৱে শলাগ লয়৷