ৰঙিয়া, ১৭ জুনঃ ৰঙিয়া মহকুমাৰ সোঁমাজেৰে প্ৰবাহিত পুঠিমাৰী নদীৰ প্ৰৱল গৰাখহনীয়াত আতংকিত হৈ পৰিছে লেচাকোনাৰ স্থানীয় ৰাইজ। ফেনে-ফোটোকাৰে ওফন্দি ৰুদ্ৰমূৰ্তি ধাৰণ কৰা পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে লেচাকোনাৰ বাসিন্দাৰ জীৱন আৰু সম্পতিলৈ ভাবুকি কঢ়িয়াই আনিছে। জলসম্পদ বিভাগ আৰু জনপ্ৰতিনিধিয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত গাঁওখনৰ ৰাইজে নিজেই শ্ৰমদান কৰি গৰাখহনীয়া ৰোধৰ আপ্ৰাণ চেষ্টা চলাইছে। গছ-বাঁহ আদিৰে ভেটা দিয়াৰ লগতে তাঁৰ টানি গৰাখহনীয়া ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে। জলসম্পদ বিভাগৰ দায়িত্বজ্ঞানহীনতাত ক্ষুব্ধ ৰাইজে চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদী ৰাইজে ক্ষোভ প্ৰকাশ কৰে। ইয়াৰ লগতে ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ সীমা মূৰীয়া এই অঞ্চলবাসীয়ে এনে ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো সমষ্টি দুটাৰ বিধায়কদ্বয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজে তীব্ৰ ভাষাৰে সমালোচনা কৰে। আনফালে জলসম্পদ বিভাগে দুগৰাকী কৰ্মচাৰী প্ৰেৰণ কৰি নিজৰ দ্বায়িত্ব পালনৰ ব্যৰ্থ চেষ্টা চলোৱাত স্থানীয় ৰাইজে অধিক সোঁচ্চৰ হৈ পৰে। গৰাখহনীয়াই ৰোধৰ নামত বছৰ বছৰ ধৰি বিভাগটোৰ মন্ত্ৰী-আমোলা, বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰে ধন আত্মসাৎ কৰি অহা বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি বিভিন্ন শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে।