নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ : সোমবাৰে পশ্চিমবংগত বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকা সময়তে কৰিমপুৰ বিধানসভা সমষ্টিত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ।

আৰক্ষীৰ সন্মুখতে চৰ , গোৰ, ঘোচা আদিৰে কৰিমপুৰৰ বিজেপি প্ৰাৰ্থী জয় প্ৰকাশ মজুমদাৰক আক্ৰমণ কৰে একাংশই।

বিজেপিৰ অভিযোগ অনুসৰি এই আক্ৰমণকাৰীসকল তৃণমূল কংগ্ৰেছৰ গুণ্ডা বাহিনী ।

উক্ত ঘটনাৰ পিছতে বিজেপি নেতা মুকুল ৰায়ে নিৰ্বাচন আয়োগৰ খড়গপুৰ আৰু কালিয়াগঞ্জ সমষ্টিৰ উপ-নিৰ্বাচনত হস্তক্ষেপ বিচাৰে ।

ইয়াৰোপৰি নিৰ্বাচন আয়োগক উক্ত ঘটনাৰ সময়ত ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীৰ অধীক্ষক আৰু উপ অধীক্ষকক নিলম্বনৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰে বিজেপি নেতা গৰাকীয়ে।