নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ অক্টোবৰ : দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ ২৮ ছেপ্টেম্বৰত জি এম চি এইছত তেজপুৰ ডেটেনশ্যন কেম্পত থকা দুলাল চন্দ্ৰ পালক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১১ অক্টোবৰত মৃত্যু হয়। মৃত্যুৰ পাছত দুলাল চন্দ্ৰ পালৰ মৃতদেহটো প্ৰশাসনে পৰিয়ালৰ লোকক গতাই দিবলৈ বিচাৰিছিল যদিও মৃতদেহটো চমজি ল’বলৈ অস্বীকাৰ কৰে পৰিয়ালৰ লোকে।

পৰিয়ালৰ লোকৰ মন্তব্য হয় তেখেতক ভাৰতীয় বুলি ঘোষণা কৰক নহয় তেখেতৰ মৃতদেহ বাংলাদেশলৈ পঠিয়াই দিয়ক।

প্ৰশাসন অথবা ন্যায়ালয়ৰ এইয়া কেনেধৰণৰ বিচাৰ য’ত জীৱিত অৱস্থাত ব্যক্তি এজনক ঘোষিত বিদেশী বুলি ডিটেনশ্যন কেম্পত বন্দী কৰি থয় আৰু মৃত্যু হোৱাৰ পাছত পৰিয়ালৰ হাতত গতাই দিয়ে। যদি সেই ব্যক্তিজন বিদেশী হয় তেনেহ’লে তেখেতক সেই দেশখনৰ ঠিকনাত মৃতদেহ গতাই দিব লাগে । কিন্তু তাকে নকৰে । কাৰণ সেই ব্যক্তিজন ক’ৰ পৰা আহিছিল সেইয়া চৰকাৰে নাজানে । কেৱল সন্দেহৰ ভিত্তিতে ভাৰতৰ মানুহকে বিদেশী বুলি ঘোষণা কৰে ।

কিহৰ ভিত্তিত আচলতে মানুহ এজনক বিদেশী সজোৱা হয় সেইয়া কেন্দ্ৰৰ চি ই চি আই অথবা ৰাজ্যৰ চি ই অ’ৰ হাততো কোনোধৰণৰ তথ্য নাই।

লক্ষণীয়ভাৱে সচেতন মহলেও এই ক্ষেত্ৰত কোনো ধৰণৰ মাত মতা দেখিবলৈ পোৱা নাই ।