গুৱাহাটী, সংবাদ ৩৬৫, ২২ অক্টোবৰ : প্ৰত্যেকজন মানুহৰে নিজ নিজ ৰুচি আছে। কোনোবাই হয়তো গান গাই ভাল পায়, কোনোবাই নৃত্য কৰি , কোনোবাই আকৌ গাৰ্ডেনিং কৰি বা কোনোবাই নিজ হাতেৰে খাদ্য প্ৰস্তুত কৰি আনক খুৱাই ।

মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ এগৰাকী সংবাদ কৰ্মী। যাৰ ৰন্ধন প্ৰণালীৰ প্ৰতি আছে বিশেষ আকৰ্ষণ । যিয়ে খাদ্য প্ৰস্তুত কৰি ভালপোৱাৰ লগতে আনক খোৱাই ভাল পায় । প্ৰণৱ বৰা নামৰ সাংবাদিকগৰাকী সম্প্ৰতি লগৰী কাগজ-কলমক এৰি ব্যস্ত হৈ পৰিছে মুখৰোচক খাদ্য প্ৰস্তুত কৰাত। তেখেতৰ এই ৰুচিৰ বাবেই খ্ৰীষ্টানবস্তিত গঢ় লৈ উঠিছে এখন ফুড ট্ৰাক। নাম ” দ্য ল’গ ড্ৰাম “। প্ৰতি নিশা ফুড ট্ৰাকৰ ওচৰত ভিৰ কৰে গ্ৰাহকে । অৱশ্যে এই ফুড ট্ৰাকখনত সকলোৰে পৰিচিত ফাষ্টফুড পোৱা নাযায়। পোৱা যায় থলুৱা খাদ্য।

মহানগৰীত নিশা ১০.৩০/ ১১ মান বজাত বন্ধ হৈ যায় প্ৰায়বিলাক দোকান-পোহাৰ, ৰেষ্টোৰেণ্ট , হোটেলসমূহ। সেইবাবে নিশাৰ যাত্ৰী বা নিশা খাদ্যৰ সন্ধানত থকা মানুহৰ বাবেই নিশা ৯ বজাৰ পৰা পুৱতি নিশা ৩ বজালৈ খোলা ৰাখে এই ফুড ট্ৰাকখন ।

এই ফুড ট্ৰাকত পোৱা যায় ঢেঁকীয়া-ঔটেঙা, মাটিমাহৰ দাইল, হাঁহ আৰু কোমোৰাৰ মাংস, খৰিচা, গৰৈ মাছ পোৰা আদি বিভিন্ন থলুৱা খাদ্য ।

সাংবাদিক প্ৰণৱ বৰা দিল্লীত ইণ্ডিয়া টুডে প্ৰায় ২০ বছৰ ধৰি কাম কৰিছিল । ইয়াৰ পাছত তেওঁ সাংবাদিক হিচাপে জড়িত হৈ পৰে টেলিগ্ৰাফৰ লগত । সম্প্ৰতি সাময়িকভাৱে টেলিগ্ৰাফৰ পৰা অব্যাহতি লৈ নিজৰ ভাল লগা কামেৰে অতিবাহিত কৰিছে তেওঁৰ জীৱন ।

মুঠৰ ওপৰত আপোনাৰ যদি এসাঁজ থলুৱা খাদ্য খাবলৈ মন যায় তেনেহ’লে আপোনালোকে এই ফুড ট্ৰাক ” দ্য ল’গ ড্ৰাম “লৈ আহক। অতি কম মূল্যতে হেঁপাহৰ এসাঁজ খাব পাৰিব ” দ্য ল’গ ড্ৰাম “ত।