সোণাপুৰ, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : ৰাজ্যত এতিয়া অব্যাহত আছে কেব’ৰ বিৰুদ্ধে প্ৰতিবাদৰ ঢৌ । সকলোতে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ।

সোণাপুৰতো বৃহস্পতিবাৰে ডিমৰিয়া আঞ্চলিক ছাত্ৰ সন্থাই কেব’ৰ বিৰুদ্ধে বাইক ৰেলীৰে প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ।

নাগৰিকত্ব সংশোধনী বিধেয়ক আহিলে অনাগত দিনত ভয়ঙ্কৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি চৰকাৰ প্ৰশাসনক সকীয়নী দিয়ে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি মেধিয়ে ।