গুৱাহাটী, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব ৪ৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল। গুৱাহাটী মহানগৰীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃ্তিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই নাট মহোৎসৱ।

অসম পৰ্যটন, এপ’ল’ হাস্পতাল, পূৰবী ডায়েৰী, বেংক অৱ বৰোডা, ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন, ইণ্ডিয়ান অইল আৰু ভাৰতীয় জীৱন বীমা নিগমৰ সহযোগত জিপ্লাছে আয়োজন কৰা এই থিয়েটাৰ ফেষ্টিভেলৰ তিনিওটা দিনতে একোখনকৈ দেশপ্ৰসিদ্ধ নাট মঞ্চস্থ কৰা হ’ব।

মহোৎসৱৰ প্ৰথমটো দিনতেই মঞ্চস্থ কৰা হ’ব ৰাকেশ বেদী ৰচিত পৰিচালিত নাট পট্টে খুল গয়ে। দ্বিতীয়টো দিনত মঞ্চস্থ হ’ব ৰাজনৈতিক ব্যঙ্গাত্মক নাট দ্য ডেভিল ৱেৰছ বাটা আৰু অন্তিম দিনা মঞ্চস্থ হ’ব যশস্বী অভিনেতা আমোল পালেকাৰৰ ৰচনা পৰিচালনাৰে ৰহস্যধৰ্মী নাট কুছুৰ দ্য মিছটেক।

নাট পট্টে খুল গয়ে হৈছে হিন্দী ভাষাৰ এখন ব্যঙ্গাত্মক নাট। বলীউড তথা হিন্দী ধাৰাবাহিকৰ প্ৰতিষ্ঠিত অভিনেতা ৰাকেশ বেদী ৰচিত এই নাটখনত আমাৰ সমাজৰ সাম্প্ৰতিক অৱস্থাৰ এক ৰূঢ় বাস্তৱক ব্যঙ্গাত্মকভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা হৈছে। নাটখনত ডাঃ মনোজ ৰাই আৰু তেওঁৰ পত্নী মঞ্জু ৰাইয়ে তেওঁলোকৰ বন্ধুমহলক নিশাৰ আহাৰ গ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনায়। বিভিন্ন আমোদজনক ঘটনা আৰু মনোৰঞ্জনমূলক পৰিঘটনাৰ মাজেৰে সমাজৰ বিভিন্ন ছবি প্ৰতিফলিত কৰাৰ চেষ্টা কৰা হৈছে। নাটখনত অভিনয় কৰিছে ৰাকেশ বেদী, কিশৱাৰ মাৰ্চেণ্ট, অনন্ত মহাদেৱন, অভিজিত দত্ত আৰু ৰূপালী গাঙ্গুলীয়ে।

উল্লেখ্য যে নাটকৰ লগতে থিয়েটাৰ ফেষ্টিভেলত কালি অনুষ্ঠিত হ’ব এক নাট কৰ্মশালা। নাটকৰ প্ৰতি আগ্ৰহী শিকাৰুসকলৰ বাবে গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ চৌহদতেই অনুষ্ঠিত হ’ব নাট কৰ্মশালা দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অনুষ্ঠিতব্য এই কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ৰাকেশ বেদীয়ে।

বৃহস্পতিবাৰৰ নাট মহোৎসৱৰ প্ৰাকক্ষণত থিয়েটাৰ ফেষ্টিভেলৰ অধ্যক্ষ সুনিত জৈনে কয় যে ” ২০১৬ চনত গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলে আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা গুৱাহাটীৰ সাংস্কৃতিক প্ৰেক্ষাপটত এক সমাদৃত খোজ দি আহিছে। এই নাট মহোৎসৱৰ একমাত্ৰ উদ্দেশ্যটোৱেই হৈছে এই অঞ্চলটোৰ কলামোদী ৰাইজক বিশ্বমানৰ নাটৰ সোৱাদ দিয়া। প্ৰথমটো সংস্কৰণৰ পৰাই স্থানীয় কলামোদী ৰাইজৰ অনবদ্য সঁহাৰিয়ে আমাক উৎসাহিত কৰি ৰাখিছে, আশা কৰো এইবছৰো আমি লৈ অহা নাটখিনিয়ে দৰ্শকৰ হেঁপাহ পুৰণ কৰিবলৈ সক্ষম হ’ব।”