নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ ডিচেম্বৰ : হায়দৰাবাদ ধৰ্ষণত অভিযুক্ত ৪ অপৰাধীক গুলীয়াই হত্যা কৰিলে আৰক্ষীয়ে । প্ৰাপ্ত খবৰ অনুসৰি অপৰাধ সংঘটিত কৰা ঠাইলৈ আৰক্ষীয়ে লৈ গৈছিল চাৰিও অপৰাধীক । সুযোগ বুজি অপৰাধী কেইটাই পলাবলৈ চেষ্টা কৰিছিল । আৰক্ষীৰ হাতত অপৰাধীকেইটাক ধৰিবলৈ অন্য কোনো উপায় নথকাৰ কাৰণে গুলীয়াবলৈ বাধ্য হয় । অপৰাধী কেইটালৈ লক্ষ্য কৰি গুলী কৰে আই পি এছ ভি ছি সজ্জানাৰে ।

উল্লেখযোগ্য যে হায়দৰাবাদৰ মহিলা পশু চিকিৎসক এগৰাকীৰ ধৰ্ষণৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ । ধৰ্ষণ কৰি জ্বলাই দিয়া হৈছিল ২৬ বছৰীয়া পশু চিকিৎসকগৰাকীক ।

নিশা প্ৰায় ৯ মান বজাত কৰ্তব্য সমাপন কৰি স্কুতিৰে আহি থকা অৱস্থাত হায়দৰাবাদ – বাংগালুৰু নেচনেল হাইৱে পথৰ শ্ব’মছাবাদ নামৰ ঠাইত মিহিলা চিকিৎসক গৰাকীৰ স্কুটীৰ চকা পামচাৰ হৈ যায় আৰু ইয়াৰ সহায়ৰ বাবে আগবাঢ়ি অহা ক্ৰমে মহম্মদ পাছা, কেশাভুল্লু , শিবা, আৰু নবীন নামৰ লোককেইজনে ধৰ্ষণ কৰি জ্বলাই দিয়ে চিকিৎসক গৰাকীক।

উক্ত ঘটনাৰ পিছতে অপৰাধীক শাস্তি প্ৰদান কৰিবৰ বাবে প্ৰতিবাদ কৰে বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকে । আৰু আজি আৰক্ষীৰ গুলীত নিহত হয় আটাইকেইটা অপৰাধী।