গোৱালপাৰা, নৱেম্বৰ ৭ :  পথাৰৰ লখিমী ঘৰলৈ অনাৰ সময়তেই মূৰে-কপালে হাত দিছে গোৱালপাৰা জিলাৰ বহু কৃষকে৷ গোৱালপাৰাৰ বহু কেইখন গাঁৱৰ ধাননিত এতিয়া ভয়ংকৰ শূৰ পোকৰ সন্ত্ৰাস৷ ৰক্তবীজ সদৃশ শূৰ পোকে এতিয়া বিঘাই বিঘাই কাটি তহিলং কৰিছে কৃষকৰ পৰিশ্ৰমৰ ফচল৷ ইয়াৰ বিপৰীতে শূৰ পোক ধ্বংস কৰিবলৈ অপাৰগ হোৱা খেতিয়কসকলে অনাগত দুৰ্দিনৰ কথা সুঁৱৰি মাথোঁ হিয়া ধাকুৰিছে ৷ প্ৰাপ্ত তথ্য মতে, কোনো কীট নাশক ঔষধেই নিয়ন্ত্ৰণ কৰিব পৰা নাই শূৰ পোকৰ অভিযান৷ কৃষকসকলে হেজাৰ চেষ্টা কৰিও ৰোধ কৰিব পৰা নাই শুৰ পোকৰ আক্ৰমণ ৷ কৃষি বিভাগো হৈ পৰিছে দিশহাৰা ৷ জিলাখনৰ কৃষি বিভাগে শূৰ পোকৰ সন্ত্ৰাস নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ তৎপৰতা গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে ৷ মাত্ৰ চূণ আৰু নিমখৰ মিশ্ৰণ পানী ব্যৱহাৰ কৰিবলৈ কৃষক সকলক পৰামৰ্শ দিয়ে দায়িত্ব সামৰিছে কৃষি বিভাগে ৷ ইফালে, কৃষি বিভাগৰ পৰামৰ্শ মতে চূণ- নিমখৰ মিশ্ৰণ পানী চটিয়াবলৈ গৈও বহু কৃষকে শ শ হেক্টৰ কৃষিভূমিৰ ধাননিৰ মাজত সোমাই উৱাদিহ নোপোৱা হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত হতাশগ্ৰস্ত হৈ পৰিছে কৃষক সকল৷ বহু ঠাইত ধান কাটিবলৈ আহি হাহাকাৰ অৱস্থা কৃষকৰ৷ সমুদায় খেতি শূৰ পোকে খাই তহিলং কৰিছে ৷ ঘৰলৈ নিবলগাকৈ খেতিৰ কোনো অৱস্থাই নাই ৷ সেয়ে ধান কটাৰ সলনি ধাননি পথাৰত মেলি দিছে পোহনীয়া গৰুৰ জাক৷ চৰকাৰ তথা বিয়াগম কৃষি বিভাগৰ উদাসীনতাক ভৰ্ৎসনা কৰি আজি জিলাখনৰ বহু অঞ্চলত বহু কৃষকে ধাননিত নমালে গৰুৰ পাল৷