দেৰগাঁও, নৱেম্বৰ ১১: গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ বিভিন্ন সময়ত  দুৰ্নীতি অনিয়ম পোহৰলৈ আহাৰ পাছতে পুনৰ উত্থাপিত হৈছে কাকডোঙা উন্নয়ন খণ্ডৰ একাংশ কৰ্মচাৰী কৰ্তব্যত গাফিলতিৰ অভিযোগ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, উন্নয়ন খণ্ডটোৰ গাণনিক বিষয়া ৰবীন বৰা, মালা গগৈৰ লগতে কাকডোঙা উন্নয়ন খণ্ডৰ পৰা খেদা খোৱা দুৰ্নীতিকাৰী কনিষ্ঠ অভিযন্তা মুকুতা মণি, কম্পিউটাৰ সহায়ক ৰঞ্জন বৰুৱা এই কেইজন বিষয়াই প্ৰায়ে সময়মতে উপস্থিত নহয় কাৰ্যালয়৷ তাৰ বিপৰীতে সপ্তাহৰ বহুকেইটা দিনেই উপস্থিত নাথাকে কাৰ্যালয়ত এই কেইজন বিষয়া-কৰ্মচাৰী৷ সেইবাবে বিপদত পৰিছে উন্নয়ন খণ্ডটোৰ অধীনৰ গাঁও পঞ্চায়ত সমূহৰ সভাপতি, সচিব, এনৰেগাৰা কৰ্মচাৰীসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ৷ কাৰণ এইসকল বিষয়া-কৰ্মচাৰী হেমাহিৰ বাবে দেখা গৈছে উন্নয়ন স্থবিৰ হোৱা৷ প্ৰাপ্ত তথ্য মতে, উন্নয়ন খণ্ডটোৰ অধীনৰ বহু কেইখন গাঁও পঞ্চায়তত এনৰেগা আঁচনিৰ জৰিয়তে বিভিন্ন স্থানত বিভিন্ন কাম হৈ থকা পাছতো বহুদিন ধৰি  মাষ্টৰ ৰ’লচ সমূহ সময় মতে যোগান নধৰা অভিযোগ উত্থাপিত হৈছে৷ কম সময়ৰ ভিতৰত গাণনিক বিষয়া ৰবীন বৰা, কম্পিউটাৰ সহায়ক ৰঞ্জন বৰুৱা বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ লগতে গোলাঘাট জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে৷ সেয়ে সময়ত লক্ষণীয় হ’ব চৰকাৰৰ লগতে গোলাঘাট জিলা প্ৰশাসনে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰিব৷