গুৱাহাটী, নৱেম্বৰ ১১: আজি দিছপুৰ প্ৰেছ ক্লাবত উন্মোচিত হ’ল গল্পকাৰ, বিশিষ্ট সাহিত্যিক সদানন্দ গগৈৰ গল্প, সংকলন ‘কাঞ্চন, পৰিক্ৰমা ইত্যাদি’। গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, তথা বিশিষ্ট সাহিত্যিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনক সেন ডেকা, মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্যিক লক্ষীনন্দন বৰা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী। আনহাতে, অসম লোক সেৱা আয়োগৰ সদস্য ধ্ৰুৱ হাজৰিকা, অসম চৰকাৰৰ পৰিৱহন সচিব ললিত গগৈৰ লগতে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক খগেন কলিতা এই উন্মোচনী সভাত উপস্থিত থাকে। এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি কনক সেন ডেকাই কয় যে, পৰিৱৰ্তনৰ লগে লগে গল্পৰ বিষয়বস্তু পৰিৱৰ্তন হৈছে। একোখন গল্প ৰচনা কৰোতে মানুহৰ মানৱীয়তাবোধটো অতিকৈ প্ৰয়োজন। মই নৈতিক চিন্তাক মানো। আনহাতে, ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ৯০ বছৰ বয়সলৈকে কাকতত সম্পাদনা কৰি আছো বুলি গল্পৰ সম্পৰ্কত ৰসাল বক্তৃতা প্ৰদান কৰে। তদুপৰি ধ্ৰুৱ হাজৰিকা আৰু ললিত গগৈয়ে চুটি গল্প সম্পৰ্কত কিছু মন্তব্য আগবঢ়ায়। শেষত মুখ্য অতিথি তথা গ্ৰন্থ উন্মোচনী সভাৰ সভাপতি লক্ষীনন্দন বৰাই সদানন্দ গগৈৰ গল্প সংকলনৰ সম্পৰ্কত মন্তব্য আগবঢ়াই সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷