দেৰগাঁও, নৱেম্বৰ ১১ : গোলাঘাট জিলাৰ দেৰগাঁও বিধান সভাৰ সমষ্টিৰ কৃষি প্ৰধান অঞ্চল কাকডোঙা মৌজাৰ লখাই, পতানজৰা, বেজগাঁও, ওপৰখাটোৱাল, দলৈ গাঁও, ধৰিয়া গাঁও, কুকুৰাপহিয়াত, পহুচোৱা, চমুৱা গাঁও, পেটুৱা গাঁও, চোমনী গাঁও, উজিৰ গাঁওৰ লগতে বহু কেইখন গাঁৱৰ খেতিয়ক ৰাইজে বান্দৰ উপদ্ৰৱত বাৰুকৈয়ে  দেখিছে ত্ৰাহি মধুসূধন৷ বিভিন্ন সময়ত বান্দৰ উপদ্ৰৱৰ বাবে দেৰগাঁৱৰ বিভিন্ন অঞ্চল ৰাইজে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে বহুতো কাৰ্যসূচী হাতত লৈ আহিছে৷ সেই সময়তে বান্দৰ বংশ বৃদ্ধি হোৱা বাবে দেৰগাঁৱৰ কাষৰীয়া অঞ্চল সমূহতো  বান্দৰ প্ৰভাৱ বেছি হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে কাকডোঙা বহু কেইখন গাঁৱৰ খেতিয়ক ৰাইজে বান্দৰ উপদ্ৰৱৰ বাবে বিঘা-বিঘা ধাননি পথাৰৰ লগতে কুঁহিয়াৰ চাপৰিত খেতি কৰিবলৈ এৰি  দিছে৷  যিসমূহ পথাৰত খেতিয়ক ৰাইজে খেতি কৰিছে সেই সমূহৰ প্ৰায় বিলাক পথাৰতে  ধানৰ গেৰ মেলাৰ সময়তে বহুতো ধাননি পথাৰ নষ্ট কৰাৰ লগতে অঞ্চল সমূহৰ মানুহৰ ঘৰ ভিতৰত বান্দৰ সুমাই ৰান্ধনী ঘৰৰ বহুতো প্ৰয়োজনীয় বস্তুটো নষ্ট কৰা পৰিলক্ষিত হৈছে৷ বহু বস্তু ৰান্ধনী ঘৰৰ পৰা লৈ যায় বুলিও স্থানীয় ৰাইজে জানিব দিয়ে৷ সেয়ে এতিয়া স্থানীয় ৰাইজে বান্দৰৰ উপদ্ৰৱৰ বাবে যমৰ-যাতনা ভোগ কৰিবলগীয়া হৈছে৷ যাৰ বাবে অঞ্চল কেইটা সৰ্বসাধাৰণ  ৰাইজৰ এতিয়া এসাঁজ খোৱাৰ বাবে চিন্তা হোৱা বুলি আমাৰ সাংবাদিক জানিব দিয়ে৷  সিমানৰ পাছতো কিন্তু গোলাঘাট জিলাৰ বন বিভাগে কোনো চেহেৰা দেখুওৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে৷ বান্দৰ উপদ্ৰৱত ত্ৰাহি মধুসূধন দেখা স্থানীয় ৰাইজে বান্দৰ উপদ্ৰৱ ৰোধ কৰিবলৈ দাবী জনাই গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় প্ৰতিবাদ কৰা হ’ব বুলি সাংবাদিক জানিব দিয়ে৷