গুৱাহাটী

১৯ জানুৱাৰী

ৰূপহীহাট আৰু বিশ্বনাথত ভয়াবহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৰূপহীহাট আৰু বিশ্বনাথত দুজনকৈ লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ৰূপহীহাটত ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু বিশ্বনাথত চৰ্ত চাৰ্কিতৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ৰূপহীহাটত অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে দুজন লোকৰ।

মঙলাবাৰে পুৱাৰ ভাগত নগাঁও জিলাৰ ৰূপহীহাটত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।ৰূপহীহাটৰ তামুলীটুপৰ চুলতান আলী নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। চুলতান আলীৰ ৰান্ধনী ঘৰৰ ৰন্ধন গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।অগ্নিকাণ্ডত চুলতান আলীৰ ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে প্ৰায় দুই লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়।অগ্নিকাণ্ডৰ সময়ত চুলতান আলীৰ ঘৰৰ ভিতৰত থকা দুজনকৈ লোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে। স্থানীয় ৰাইজে জ্বলি থকা চিলিণ্ডাৰটো সমীপৰ পুখুৰীত পেলাই দিয়াৰ ফলত সমগ্ৰ অঞ্চলটো ডাঙৰ অঘটনৰ পৰা ৰক্ষা পৰে।

ইফালে বিশ্বনাথ জিলাৰ জিনজিয়াত চৰ্ত চাৰ্কিতৰ ফলত সংঘটিত হয় অন্য এক অগ্নিকাণ্ডৰ ঘটনা। পুৱাৰ ভাগত চৰ্ত চাৰ্কিতৰ ফলত সংঘটিত হোৱা এই ভয়াবহ অগ্নিকাণ্ডত পশ্চিম জিনজিয়াৰ ৰাজেন মুৰা নামৰ এজন দৰিদ্ৰ লোকে ঘৰ ভস্মীভূত হয়। অগ্নিকাণ্ডত প্ৰায় ১ লক্ষাধিক টকাৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে।