মুস্তক আহমেদ

জুৰীয়া

১৮ জানুৱাৰী

১৯২১ চনত স্থাপিত হোৱা ৰূপহীহাটৰ ৫৩৭ নং লাউগাঁও মুক্তাব বিদ্যালয়খনে চলিত ২০২১ বৰ্ষত ১০০ বছৰ সম্পূৰ্ণ কৰিলে। এই শতবাৰ্ষিকী বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ লগতে লাউগাঁওবাসীয়ে অতি শীঘ্ৰে বিদ্যালয়খনৰ শতবাৰ্ষিক উদযাপন কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী জয়া বৰাই জানিব দিয়ে।

বিদ্যালয়খনত পাঠদান কৰা শিক্ষাৰ্থী সকলৰ ক্ষেত্ৰতে হওক বা বিদ্যালয়খনৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত হওক লাউগাঁওবাসীয়ে পূৰ্ণ সঁহাৰি দিয়ে বুলিও প্ৰধান শিক্ষয়িত্ৰীয়ে জানিবলৈ দিয়ে।বিদ্যালয়খনত পাঠদনা কৰা চাৰিগৰাকী শিক্ষয়িত্ৰীয়ে অসম চৰকাৰক কাতৰ আহ্বান জনাইছে বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়াৰ বাবে। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নাই, সেয়ে সোনকালে ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক প্ৰদান কৰাৰ আহ্বান জনায় বিদ্যালয়খনৰ শিক্ষয়িত্ৰী সকলে। উল্লেখ্য যে লাউগাঁৱৰ বাসিন্দা বিশিষ্ট সমাজ সেৱক নাজিৰ হুছেইনে এইখন বিদ্যালয়তে পঢ়া শুনা কৰি ডঃ বি আৰ আম্বেদক ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

ডঃ বি আৰ আম্বেদক ৰাষ্ট্ৰীয় বঁটা লাভ কৰা এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নাজিৰ হুছেইনে ১০০ বছৰত ভৰি দিয়া বিদ্যালয়খনত পূৰ্বতে শিক্ষা লাভ কৰাৰ কথা সুঁৱৰি বিদ্যালয়খনত পাঠদান দিয়া বৰ্তমান আৰু পূৰ্বৰ শিক্ষক-শিক্ষয়িত্ৰীৰ দীৰ্ঘায়ু কামনা কৰে। নাজিৰ হুছেইনে লগতে উলহ মালহেৰে বিদ্যালয়খনৰ শতবাৰ্ষিকী উদযাপন কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।