তিনিচুকীয়া

১৯ জানুৱাৰী

তিনিচুকীয়াত শগুণৰ অস্বাভাৱিক মৃত্যু। তিনিচুকীয়া জিলাৰ তালাপত ৩০ টাতকৈও অধিক শগুণৰ অস্বাভাৱিক মৃত্যু হৈছে। স্থানীয় প্ৰকৃতি প্ৰেমী সংগঠনৰ লোকে পথাৰৰ পৰা উদ্ধাৰ কৰে মৃত শগুণ কেইটাক। ১৩ টাকৈ শগুণ উদ্ধাৰ হয় অসুস্থ অৱস্থাত।

তিনিচুকীয়া জিলাৰ তালাপৰ ধুলিজানত ৩০ টাকৈও অধিক লুপ্তপ্ৰায় শগুণৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ধুলিজান গাঁৱৰ ধাননি পথাৰত জাক জাক শগুণৰ অস্বাভাৱিক গতিবিধি প্ৰত্যক্ষ কৰি স্থানীয় প্ৰকৃতি প্ৰেমী সংগঠনৰ লোকে ঘটনাস্থলী পৰিদৰ্শন কৰি ৩০ টাকৈও অধিক শগুণ মৃত অৱস্থাত উদ্ধাৰ কৰে। প্ৰকৃতি প্ৰেমী সংগঠনৰ লোক সকলে ৩০ টাতকৈও অধিক মৃত শগুণৰ লগতে অন্য ১৩ টা শগুণ অসুস্থ অৱস্থাত উদ্ধাৰ কৰে। স্থানীয় প্ৰেমী সংগঠনৰ লোক সকলে ঘটনা সংক্ৰান্তত ততাতয়াকৈ বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। প্ৰকৃতিৰ চাফাইকৰ্মী হিচাপে পৰিচিত লুপ্তপ্ৰায় শগুণৰ এনে অস্বাভাৱিক মৃত্যুত প্ৰকৃতি প্ৰেমী আৰু স্থানীয় লোকৰ মাজত আতংক বিৰাজ কৰা দেখা গৈছে।

প্ৰথম অৱস্থাত পথাৰত মৃত কেইবাটাও গৰুৰ শৱ ভক্ষন কৰাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে যদিও বৰ্তমান দেশত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ বাতৰিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, ঘটনাস্থলীৰ গাতে লাগি থকা ‘ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান’ৰ প্ৰতি লক্ষ্য ৰাখি ৩০ টাকৈ শগুণৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰ কৰি উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় প্ৰকৃতি প্ৰেমী আৰু দল-সংগঠনে বন বিভাগ আৰু প্ৰশাসনক দাবী জনাইছে।