ফজলুৰ ৰহমান

সোণতলী

১৮ জানুৱাৰী

দক্ষিণ কামৰূপৰ সোণতলীত কংগ্ৰেছৰ কৰ্মী সভা৷ বকো সমষ্টিৰ যুৱ কংগ্ৰেছৰ উপ সভাপতি জাকাৰিয়া আহমেদৰ সভাপতিত্ব দেওবাৰে সোণতলীৰ মাহতলী আৰু সোণতলী চৌধুৰীপাম মণ্ডল যুৱ কংগ্ৰেছ কমিটীৰ শপত গ্ৰহন ও সাংগঠনিক সভা অনুষ্ঠিত হয়৷ সভাত উপস্থিত থাকে বকোৰ বিধায়িকা নন্দিতা দাস আৰু কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন৷

সভাৰ অন্তত সোণতলী চৌধুৰীপাম গাঁও পঞ্চায়তৰ অন্তৰ্গত টাঙোনমাৰী মথাউৰিৰ পৰা চৌধুৰীপাম উত্তৰ চুপালৈ দুই কিলোমিটাৰ পথ পকী কৰণৰ কাম শুভ উদ্বোধন কৰে বিধায়িকা নন্দিতা দাসে। উদ্বোধন অনুষ্ঠানৰ অন্তত সাংবাদিকক বিধায়িকা নন্দিতা দাসে কয় যে কিছুমান বিৰোধী পক্ষই মিছা অপপ্ৰচাৰ কৰি কয় যে এইবাৰ বকো সমষ্টিত মুঠ বাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ কাম আহিছে তাৰে সাত কিলোমিটাৰ ছমৰীয়া ব্লকৰ অধিনত আৰু পাঁচ কিলোমিটাৰ বকো ব্লকৰ অধিনত। উল্লেখ্য যে কিছুদিন পূৰ্বে প্ৰাক্তন কংগ্ৰেছ নেতা তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদ বকোৰ বালিঝাৰত উপস্থিত হৈ বিধায়িকা নন্দিতা দাসৰ বিৰুদ্ধে অভিযোগ তুলি কৈছিল যে গৰীয়া, মিঞা অঞ্চলত উন্নয়ন নকৰিলেও এনেই কংগ্ৰেছক ভোট দিয়ে বুলি কংগ্ৰেছৰ ভিতৰ মহলাত আলোচনা চলায়৷ নন্দিতা দাসে দুলু আহমেদৰ মন্তব্যক প্ৰত্যাহ্বান জনাই কয় “এইটো সম্পূৰ্ণ মিছা অপপ্ৰচাৰ কৰিছে দুলু আহমেদে। তেওঁ এজন সাম্প্ৰদায়িক ব্যক্তি৷ তেওঁ কংগ্ৰেছ দলত থকাৰ সময়ত দল বিৰোধী কাম কৰাৰ কাৰণেই হাইকামাণ্ড বাধ্য হ’ল৷ তেওঁ যি খিনি কথা কৈছে সম্পূৰ্ণ মিছা৷ মই তেওঁক চেলেন্চ কৰিছো”৷ তেওঁ যিখিনি কথা কৈছে সত্য বুলি প্ৰমাণ দিব পাৰে তেন্তে মই আজিৰ পৰা ৰাজনীতি বাদ দিম”৷ এইদৰে বকোৰ বিধায়িকা নন্দিতা দাসে প্ৰাক্তন কংগ্ৰেছ নেতা তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদ বিৰুদ্ধে সৰব হোৱা দেখিবলৈ পোৱা যায়।

বিধায়িকা গৰাকীয়ে লগতে উল্লেখ কৰে যে “মই যেতিয়া ষোল্ল চনত বিধায়িকা হৈছিলো তেতিয়া বিধায়ক পুজিৰ পৰা মই সোণতলী জিলা পৰিষদৰ সাতখন পঞ্চায়তত চল্লিশ শতাংশ দিছিলো৷ তাৰ পৰবৰ্তী সময়ত গৰাখহনীয়া যিটো স্কিম আছিল মই লাগি লাগি প্ৰায় আশি কৌটি টকা অনুমোদন কৰিছিলোঁ৷ মোৰ যিখিনি ফান্ড আছে তাৰে ষাঠি শতাংশ কামেই চৰ অঞ্চলত দিবলৈ চেষ্টা কৰিছো।