গুৱাহাটী : ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে পুনৰ অনুষ্ঠিত হ’বলৈ গৈ আছে আইআইটি গুৱাহাটীৰ বাৰ্ষিক টেকনো-মেনেজমেণ্ট ফেষ্ট, টেকনিশ্ব। অসংখ্য অনুষ্ঠান, প্ৰতিযোগিতা, কৰ্মশালা আৰু পদক্ষেপেৰে ভৰপূৰ আইআইটি গুৱাহাটী টেকনিশ্ব হৈছে ছাত্ৰসকলৰ এক দলীয় পদক্ষেপ। প্ৰতিবছৰৰ দৰে আইআইটি গুৱাহাটী, টেকনিশ্বৰ তৰফৰ পৰা বাৰ্ষিক মহোৎসৱৰ শুভাৰম্ভণি হিচাপে অহা ৯ এপ্ৰিলত গুৱাহাটী হাফ মাৰাথনৰ (Guwahati Half Marathon) আয়োজন কৰা হৈছে।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এখন সংবাদমেলত এই বৰ্ষৰ গুৱাহাটী হাফ মাৰাথনৰ ঘোষণা কৰি টেকনিশ্বৰ ২০২৩ ৰ দলটোৱে হাফ মাৰাথনৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে। এই বৰ্ষৰ গুৱাহাটী হাফ মাৰাথনৰ বিষয়বস্তু হ’ব “ৰান ফৰ জিৰ’ হাংগাৰ” আৰু ৰেইজ এৱেৰনেছ ফৰ জিৰ’ হাংগাৰ। অহা ৯ এপ্ৰিল তাৰিখে পুৱা ৫:১৫ বজাত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ পৰা হাফ মাৰাথন দৌৰ আৰু পুৱা ৬:০০ বজাত ৬ কিলোমিটাৰ দৌৰ আৰম্ভ হ’ব। এই বছৰ, “ৰান ফৰ জিৰো হাংগাৰ” বিষয়বস্তুৰ জৰিয়তে গুৱাহাটী হাফ মাৰাথনে, আঞ্চলিক ভিত্তিত ক্ষুধা আৰু পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে।

বিষয়টো ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন লক্ষ্য ২ ৰ সৈতে সংযোজিত, যাৰ উদ্দেশ্য হৈছে ক্ষুধাৰ অৱসান, খাদ্য সুৰক্ষা প্ৰাপ্তি তথা বিশ্বব্যাপী পুষ্টিৰ উন্ন্যন সাধন। এই অনুষ্ঠানটোৱে অংশগ্ৰহণকাৰীসকলক বিষয়বস্তুটোৰ প্ৰতি সমৰ্থন আগবঢ়োৱা আৰু নিজ নিজ সম্প্ৰদায়ত ইতিবাচক প্ৰভাৱ পেলোৱাৰ ক্ষেত্ৰত এক মঞ্চ প্ৰদান কৰিব। গুৱাহাটী হাফ মাৰাথনৰ পিছত টিম টেকনিশ্বে এক পুষ্টি অভিযান চলাব য’ত অংশগ্ৰহণ কৰা প্ৰতিজন দৌৰবিদৰ বিপৰীতে এজনকৈ আৰ্ত ব্যক্তিক খাদ্য প্ৰদান কৰা হ’ব।

“আমি এএছআইচিএছ’ৰ তৰফৰ পৰা আইআইটি গুৱাহাটীৰ গুৱাহাটী হাফ মাৰাথন বাই টেকনিশ্বৰ সৈতে জড়িত হৈ আনন্দিত হৈছো, কিয়নো ই ক্ৰীড়া আৰু সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ প্ৰতি আমাৰ আগ্ৰহ প্ৰতিফলিত কৰে। আমি শৰীৰ আৰু মন উভয়ৰে উন্নীতকৰণৰ বাবে চলন শক্তিৰ ওপৰত দৃঢ়ভাৱে বিশ্বাস কৰোঁ আৰু মহানগৰীত প্ৰথমবাৰৰ বাবে বিপণী মুকলি কৰাটোৱেই হৈছে সদায় ক্ৰীড়া আৰু ফেশ্যন অনুৰাগী হিচাপে পৰিচিত গুৱাহাটীৰ জনসাধাৰণৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ দিশত আমাৰ প্ৰথম পদক্ষেপ।” এএছআইচিএছ ভাৰত আৰু দক্ষিণ এছিয়াৰ পৰিচালন সঞ্চালক, গুৱাহাটী হাফ মাৰাথন ২০২৩।ৰ টাইটেল স্পনছৰ ৰজত খুৰানাই।এইদৰে কয়।

‘টেকনিশ্ব সদায় উদ্ভাৱনৰ এখন মঞ্চ হিচাপে পৰিগণিত হৈ আহিছে, গুৱাহাটী হাফ মাৰাথনো ইয়াৰ ব্যতিক্ৰম নহয়। এই অনুষ্ঠানটো ফিটনেছ, অধ্যৱসায়, আৰু মানৱীয় সম্ভাৱনাৰ উদযাপন তথা টেকনিশ্বৰ মনোভাৱৰ প্ৰমাণ। “ৰান ফৰ জিৰো হাংগাৰ”ৰ বিষয়বস্তুৰ অন্তৰ্ভুক্তিকৰণৰ জৰিয়তে, অনুষ্ঠানটোৱে এক সামাজিক মাত্ৰাৰ ওপৰত আলোকপাত কৰিছে, ই অংশগ্ৰহণকাৰীসকলক কেৱল নিজৰ শাৰীৰিক সীমাবদ্ধতাসমূহক জিনাই নহয়, আমাৰ সমাজত ক্ষুধাৰ বিষয়টোৰ বিষয়েও সজাগতা সৃষ্টি কৰিবলৈ উৎসাহিত কৰে। আমি নিশ্চিত যে ই অধিক লোকক দৌৰৰ প্ৰতি উৎসাহী হ’বলৈ আৰু ক্ষুধা নিষ্পত্তিকৰণত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰিব। আমি বিশ্বাস কৰোঁ যে প্ৰযুক্তি আৰু পৰিচালনাৰ সমাজত ইতিবাচক প্ৰভাৱ পেলোৱাৰ ক্ষমতা আছে, আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি সেই দৃষ্টিভংগীৰ দিশত এখোজ আগবঢ়াইছো। আমি সমগ্ৰ ভাৰতৰ বিভিন্ন অংশৰ পৰা অহা অংশগ্ৰহণকাৰীৰ সৈতে গুৱাহাটী আৰু টেকনিশ্বত সন্মিলিত হ’ম বুলি আশাবাদী।” টেকনিশ্ব্ ২০২৩ ৰ আহ্বায়ক পাৰ্থ ৰাথোড়ে এইদৰে কয়।