সোণাপুৰ, ১০ জুনঃ  সোণাপুৰৰ আমচাং অভয়াৰণ্যৰ জলাশয়ত কেবাদিনো আৱদ্ধ হৈ মৃত্যুৰে যুঁজি উদ্ধাৰ হোৱা দতাঁল হাতীটোৰ অৱস্থা বৰ্তমানো সংকটজনক৷ ২২ মে’ৰ পৰা আমচাংৰ জলাশয়ত আবদ্ধ হৈ থকা দতাঁল হাতীটোক বন বিভাগে পানীৰ মাজত খাদ্য আৰু চিকিৎসা প্ৰদান কৰাত ৯ দিন পাছত হাতীটো জলাশয়ৰ পৰা ওলাই অভয়াৰণ্যৰ ভিতৰলৈ গুচি যায়৷ কিন্তু যোৱা কিছুদিন ধৰি আঘাটপ্ৰাপ্ত হাতীটোৰ শাৰিৰীক অৱস্থা অৱনতি ঘটাত যোৱা ৭ আৰু ৮ জুলাইত চিকিৎসকৰ এটা দলে অভয়াৰণ্যলৈ গৈ হাতীটোক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে৷ উল্লেখ্য যে, জলাশয়ত আৱদ্ধ হৈ থকা সময়ত হাতীটোৰ এটা ভৰি আঘাতপ্ৰাপ্ত হৈছিল৷ বৰ্তমান হাতীটোৱে  আঘাট পোৱা ভৰিখনৰ যন্ত্ৰণা অধিক বৃদ্ধি পোৱাত বন বিভাগে হাতীটোক ট্ৰাকোলাইজ কৰি চিকিৎসা প্ৰদান কৰিছে৷ বন বিভাগৰ চিকিৎসকল হাতীটোক সুস্থ কৰি তোলাৰ বাবে চেষ্টা চলাইছে যদিও হাতীটোৰ শাৰিৰীক অৱস্থা অধিক অৱনতিহে ঘটিছে৷ ৮ জুলাইত বন বিভাগৰ চিকিৎসকৰ দলে হাতীটোক ট্ৰাকোলাইজ কৰাৰ পিছৰ পৰা হাতীটো মাটিৰ পৰা উঠিব পৰা নাই৷ জলাশয়ত আৱদ্ধ হৈ থকা সময়ত হাতীটোৰ উদ্ধাৰ অভিযান পৰ্যবেক্ষণ কৰিবলৈ বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম নিজেই গৈ আমচাং অভয়াৰণ্যত উপস্থিত হৈছিল৷ সোণাপুৰৰ আমচাং অভয়াৰণ্যৰ অধিকাংশ অবৈধ বেদখলকাৰীৰ কবলত পৰাত অভয়াৰণ্যখনত থকা বন্যপ্ৰাণীৰ বিচৰণ ভূমি ক্ৰমে সংকুচিত হ’বলৈ ধৰিছে৷ বাসস্থান আৰু খাদ্যৰ অভাৱত অভয়াৰণ্যখনত থকা বন্যপ্ৰাণী ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হয়৷ ইয়াৰ ফলস্বৰূপে বিভিন্ন সময়ত বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়৷