জোনাই, ২৮ ছেপ্টেম্বৰ, ২০২৩ : নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত (Jonai Market Fire) জাহ গ’ল কোটি টকাৰ সম্পত্তি। ভস্মীভূত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান। জুইৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে দীর্ঘসময় প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

নিশা প্ৰায় ২.৩০ বজাত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে কোটি টকাৰ সম্পত্তি জুইত জাহ যায়। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় জোনাইত। নিশা জোনাই সদৰৰ দৈনিক বজাৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত এটা গুদাম ঘৰৰ লগতে ৬ খনকৈ দোকান ভস্মীভূত হয়। ৫ খন গেলামাৰ দোকান আৰু এখন ইলেকট্ৰনিক সমাগ্ৰীৰ দোকান ভস্মীভূত হয়।

অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত হোৱা গুদাম ঘৰ আৰু ৬ খন দোকানৰ কোটি টকাৰ সম্পত্তি জাহ যায়৷ অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলটোৰ ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলায় যদিও জুইৰ লেলিহান শিখা কেইবাখনো দোকানলৈ বিয়পি পৰে। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত ততাতৈয়াকৈ জোনাই অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়।

জোনাই অগ্নি নিৰ্বাপক বাহিনীৰ লগতে চিলাপথাৰ আৰু অৰুণাচল প্ৰদেশৰ ৰুকচিন অগ্নি নিৰ্বাপক বাহিনীৰ দলে দীর্ঘসময় ধৰি প্ৰচেষ্টা চলাই অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও কোটি টকাৰ সম্পত্তি জুইত জাহ যায়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।