সোনাৰি, নৱেম্বৰ ৬: বৃহত্তৰ নাগালিমত অসমৰ মাটি হস্তান্তৰৰ প্ৰতিবাদত আৰু চৰাইদেউ জিলাক পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰাৰ দাবীত সোণাৰিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ দিনৰ এঘাৰ বজাৰপৰা আৰম্ভ কৰা এই ধৰ্মঘট কাৰ্যসূচী সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ৰূপায়ণ কৰা হয়৷ উল্লেখ্য যে, আন্ত:দেশীয় আৰু ভগ্নী ৰাজ্যসমূহৰ কেঁকুৰা চেপাত অৱশিষ্ট অসমৰ মানচিত্ৰ ইতিমধ্যে সংকুচিত হৈছে৷ এই মূহুৰ্তত যিকোনো কাৰণত অসমৰ এক ইঞ্চি মাটিও যাতে বৃহত্তৰ নাগালিমৰ অন্তভুক্ত নহয় তাৰ বাবে দাবী জনাই ১৯৬৩ চনৰ নাগালেণ্ড গঠনৰ যি চাৰিসীমা তাক কাৰ্যকৰী কৰি অসমৰ সীমা সমস্যা সমাধান কৰাৰ দাবী জনায়৷ ইপিনে চৰাইদেউ জিলা ঘোষণা  কৰা হ’ল যদিও নাম মাত্ৰ জিলাৰ কাম-কাজ চলি থকাৰ বাহিৰে আজি পৰ্যন্ত পূৰ্ণাংগ জিলাৰ আন্ত:গাঁঠনি সম্পূৰ্ণ নোহোৱাৰ প্ৰতিবাদ জনোৱাৰ লগতে অতিশীঘ্ৰে চৰাইদেউ জিলাৰ সঠিক সীমা নিৰ্ধাৰণ কৰাৰ লগতে আন্ত:গাঁঠনি সবল কৰি পূৰ্ণাংগ জিলালৈ উন্নীত কৰিবলৈ দাবী জনায়৷