দিল্লীৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই সংবাদ ৩৬৫,১৫ ডিচেম্বৰ: নাগৰিকত্ব আইনৰ সংশোধনীৰ বিৰুদ্ধে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অসমীয়াৰ প্ৰতিবাদ। দিল্লীত অসম ভৱনৰ সন্মুখত নাগৰিকত্ব আইনৰ সংশোধনীৰ বাতিলৰ দাবীৰ লগতে ৰাজ্যত প্ৰতিবাদত সাব্যস্ত কৰি শ্বহীদ হোৱা চাৰি অসম সন্তানক সুঁৱৰিলে।

নাগৰিকত্ব আইনৰ সংশোধনীৰ বিৰুদ্ধে দিল্লীত অসমীয়াবাসী ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে এই জাতিধ্বংসী আইন কোনো কাৰণতে অসমবাসী ৰাইজে মানি নলয় বুলি মন্তব্য প্ৰকাশ কৰে। বিতৰ্কিত নাগৰিকত্ব আইনৰ সংশোধনীৰ বিৰোধিতা কৰি অসমত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ আৰক্ষী আৰু সেনা বাহিনীৰ গুলীত নিহত হোৱা শ্বহীদ সকলক সোঁৱৰি শনিবাৰে নিশা দিল্লীৰ অসম ভৱনৰ সন্মুখত প্ৰায় চাৰি শতাধিক অসমীয়া যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীৰ লগতে কেইবা শতাধিক ৰাইজে বন্তি প্ৰজ্জ্বল কৰে। দিল্লীৰ অসম ভৱনৰ সন্মুখত অসমীয়া ৰাইজৰ নাগৰিকত্ব আইনৰ সংশোধনী বিৰোধী বিভিন্ন শ্ল’গানে আকাশ-বতাহ উত্তাল কৰি তোলে।