গুৱাহাটী, সংবাদ ৩৬৫, ১৫ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কত ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে স্বাক্ষৰ কৰি আইনত পৰিণত কৰিলে যদিও এই আইনখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অব্যহত আছে প্ৰতিবাদ। নাগৰিকত্ব আইনৰ সংশোধনী বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যবাসীয়ে সাব্যস্ত কৰি গৈছে প্ৰতিবাদ। দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিকত্ব আইনৰ সংশোধনী বাতিলৰ দাবীত বাওঁ-গণতান্ত্ৰিক মঞ্চই গণ অৱস্থান ধৰঘট কাৰ্যসূচী ৰূপায়ন কৰে।

বাওঁ-গণতান্ত্ৰিক মঞ্চৰ নেতৃত্বত ৰূপায়ন কৰা নাগৰিকত্ব আইনৰ সংশোধনী বিৰোধী গণ-অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰি এই আইনখন অতি শীঘ্ৰে বাতিল কৰাৰ দাবী জনায়। কেন্দ্ৰ চৰকাৰে অসমবাসী ৰাইজৰ ওপৰত এই বিতৰ্কিত আইনখন জাপি দিলেও অসমীয়া ৰাইজে এই আইন কোনো কাৰণতে মানি নলয় বুলি মন্তব্য কৰে নাগৰিকত্ব আইনৰ সংশোধনী আইন বিৰোধী ৰাইজে। ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত মহানগৰী গুৱাহাটীত সাব্যস্ত হোৱা প্ৰতিবাদত আৰক্ষী আৰু সেনা বাহিনীৰ গুলীত নিহত হোৱা ব্যক্তি সকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবীও জনাই বাওঁ-গণতান্ত্ৰিক মঞ্চই। মঞ্চই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি এই আইনখন সংবিধান বিৰোধী বুলিও আখ্যা দিয়ে।

উল্লেখ্য যে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱত নাগৰিকত্ব আইনৰ সংশোধনী বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ অব্যহত থকাৰ মাজতে পশ্চিম বংগত শনিবাৰে ৰাইজে এই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।