গুৱাহাটী, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : তীব্ৰ প্ৰতিবাদ আৰু বিতৰ্কৰ মাজতে লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক । বিধেয়কখনৰ পক্ষত ২ ভোটদান কৰে ২৯৩ জন সাংসদে আৰু বিপক্ষত ভোট দান কৰে ৮২ জন সাংসদে।

বিধেয়কখন উত্থাপন কৰি অমিত শ্বাহে কয় যে প্ৰতাৰণাৰ বলি হোৱা মুছলমান লোকে নাগৰিকত্বৰ বাবে যদি আবেদন কৰে তেতিয়াহলে সেই আবেদনৰ সন্দৰ্ভত ভাৰতে চিন্তা কৰিব। ধৰ্মৰ আধাৰত দেশ বিভাজন কংগ্ৰেছে কৰিছে।

সংসদত বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে গৌৰৱ গগৈকে ধৰি আছাদুদ্দিন অৱেইচি আদি সাংসদসকলে।

নাগৰিকত্ব সংশোধনী বিধেয়কখনক গৌৰৱ গগৈয়ে অসম চুক্তিৰ পৰিপন্থী আখ্যা দিয়ে সাংসদ গৌৰৱ গগৈয়ে। ইফালে সাংসদ আছাদুদ্দিন অৱেইচিয়ে হিটলাৰৰ লগত ৰিজাই অমিত শ্বাহক।