ডিব্ৰুগড়, সংবাদ ৩৬৫, ৯ ডিচেম্বৰ : ছাত্ৰ সমাজ , দল-সংগঠনৰ পাছতে এইবাৰ প্ৰতিবাদত নামি পৰিছে শিক্ষক সমাজ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰি কেব মানি নোলোৱাৰ হুংকাৰ দিয়ে।

সংবাদ মাধ্যমৰ আগত শিক্ষক সংস্থাই কয় ” নাগৰিকত্ব সংশোধনী বিধেয়ক আমি নামানো। অসমৰ জাতি, ভেটি বিপন্ন হোৱাৰ দিশে আগবাঢ়িছে । তাৰ আমি বিৰোধিতা কৰিছো। সমগ্ৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সমূহ সদস্যই ৰাজ পথলৈ ওলাই আহিছো। ”

চৰকাৰক আহ্বান জনাই তেওঁলোকে আৰু কয় যে জাতিধ্বংসী নাগৰিকত্ব বিধেয়কখন বাতিল কৰক । পৰৱৰ্তী সময়ত অসমৰ শান্তি, সম্প্ৰীতি ৰক্ষা কৰিবৰ বাবে হাতত লওঁক।

উল্লেখ কৰিব পাৰি যে বিশ্ব বিদ্যালয়ৰ শিক্ষক সমাজে ২০১৮ চনৰ ১৭ মে’ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্তমৰ্মেই সোমবাৰে প্ৰতিবাদ কৰে।