নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ ঢৌ । যিয়ে যেনেকৈ পাৰে সকলোৱে বেলেগ বেলেগ কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিতৰ্কিত বিধেয়কখনৰ বিৰোধীতাৰে। সকলোৰে লক্ষ্য এই বিতৰ্কিত বিধেয়ক খন বাতিল হব লাগে।

মুম্বাইৰ জুহু বিচ্চত প্ৰতিবাদত সাব্যস্ত কৰিলে এগৰাকী অসমীয়া যুৱকে । যুৱকজনৰ ঘৰ বৰপেটাত । নাম মনিৰুদ জামান । অসমীয়া জাতিৰ সংকটৰ সময়ত জুহু বিচ্চৰ বালিত তেওঁৰ শিল্প কৰ্মৰ প্ৰতিভাৰে অংকন কৰিলে অসমৰ মানচিত্ৰ লগতে বালিত লিখিলে ” I OPPOSE CAB ” । জাতীয় স্বাভিমান গামোচাত লিখিলে জয় আই অসম ।

ইতিমধ্যে তেওঁৰ এই ফটো ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত।