গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ : গুৱাহাটী প্ৰেছ ক্লাৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু নাগৰিক সমাজৰ সংবাদমেল ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইয়ে সংবাদমেলত কয় যে, চৰকাৰে স্বেচ্ছাচাৰীভাৱে এই আন্দোলন দমন কৰিছে । ইফালে দীপাঞ্জল দাসক উক্ত সংগ্ৰামৰ প্ৰথম শ্বহীদ ঘোষণা কৰে এ জে ৱাই চি পিয়ে।

আনহাতে নাগৰিক সমাজে সংবাদমেলত কয় যে, বিজেপিক অসমৰ পৰা বিদায় দিব লাগিব। ইয়াৰোপৰি আইনখনক লৈ আইনী যুঁজত নামিব বুলিও জানিবলৈ দিয়ে নাগৰিক সমাজে।

ইফালে নাগৰিকত্ব সংশোধনী আইনৰ হৈ সোমবাৰে গোচৰ তৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এই যুঁজত তৰুণ গগৈৰ হৈ নামিব পি চিদাম্বৰমো ।