গুৱাহাটী, সংবাদ ৩৬৫, ১৪ ডিচেম্বৰ : পুনৰ ৪৮ ঘন্টালৈ বন্ধ থাকিব ইণ্টাৰনেট সেৱা অৰ্থাৎ সোমবাৰলৈকে বন্ধ থাকিব ইণ্টাৰনেট সেৱা । অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ কৰিব পাৰি যে বিগত দিনকেইটাত কেবৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছিল বিভিন্ন জনমত । সকলোৱে বিৰোধিতা কৰিছিল কেবৰ। তাৰপাছতে ১১ ডিচেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা প্ৰথমে ১২ ডিচেম্বৰৰ সন্ধিয়ালৈ বন্ধ কৰি দিয়া হৈছিল অসমৰ ইণ্টাৰনেট সেৱা।

১২ ডিচেম্বৰত পুনৰ ৪৮ ঘণ্টালৈ অৰ্থাৎ ১৪ তাৰিখলৈকে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা । ইয়াৰ পাছতে পুনৰ ১৪ তাৰিখৰ পৰা ১৬ তাৰিখ অৰ্থাৎ সোমবাৰলৈকে ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।