গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : সমগ্ৰ উত্তৰ-পূৱৰ লগতে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিছে বিভিন্ন দল-সংগঠন । ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে সজোৰে প্ৰতিবাদ কৰিছে এই বিলখনৰ বিৰুদ্ধে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীও ।

শুকুৰবাৰৰ পুৱাৰে পৰা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মুখত ক’লা কাপোৰ বান্ধি মৌন প্ৰতিবাদ কৰে বিতৰ্কত বিলখনৰ বিৰোধীতাৰে।

উল্লেখ কৰিব পাৰি যে এই বিলখনৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে কটনিয়ানে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

যোৱা সোমবাৰেও বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত বিলখনৰ বিৰোধিতাৰে প্ৰচাৰ অভিযানত নামি পৰে। কটনিয়ান অপ’জ কেব , জাতীয় নায়ক হায় হায় আদি বিভিন্ন প্ৰতিবাদী শ্লো গানৰ লগতে হাতেৰে অংকন কৰা কেব বিৰোধী শ্লো গানেৰে বিশ্ব বিদ্যালয়ৰ চৌহদ ভৰাই পেলায়।

সেইদৰে আজিও পঢ়াৰ নামত আমাৰ স্থিতি সবল জাতিৰ নামত, ৩০ নৱেম্বৰৰ জোৰ সমদলৰ অংশীদাৰ হওঁক, কেব ২০১৬ বাতিল কৰক , কেব আমি মানি নলওঁ আদি বিভিন্ন শ্লো গানেৰে মুখত ক’লা কাপোৰ বান্ধি মৌন প্ৰতিবাদ সাব্যস্ত কৰে।