গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : প্ৰথম দিনাৰ দৰে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও বিধান সভাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী বিধায়কসকলে।

এইবাৰ পিয়াঁজৰ আকাশলঙ্ঘী মূল্য বৃদ্ধিৰ কাৰণে ডিঙিত পিয়াঁজৰ মালা পিন্ধি বিজেপি চৰকাৰৰ বিৰূদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছী বিধায়কসকলে।

উল্লেখ কৰিব পাৰি যে শীতকালীন অধিৱেশনৰ প্ৰথমদিনাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলে উত্তাল কৰিছিল বিধানসভাৰ মজিয়া।

কেবক লৈ সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল দুয়োটা দলৰ বিধায়কসকলে । কিন্তু ইয়াৰ অনুমতি নিদিলে অধ্যক্ষই যাৰ বাবে সদন ত্যাগ কৰে দুয়োটা দলে। সদন ত্যাগ কৰি বিধানসভাৰ মূল দুৱাৰতে শুই শুই প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটা দলৰ বিধায়কসকলে ।