গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ : মঙলবাৰৰ নিশা অগপৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত অতুল বৰাৰ চুইছাইদ নোটৰ লগতে দেখা পোৱা যায় অতুল বৰাৰ এটি মৃতদেহৰ প্ৰতিকৃতি।

চুইছাইড নোটত উল্লেখ আছে ” নমস্কাৰ, মই অতুল বৰা।
নিজৰ মন্ত্ৰিত্ব ৰক্ষাৰ স্বাৰ্থত মই মোৰ আইক বিক্ৰী কৰিলো।
৮৫৫জন শ্বহীদক অপমান কৰি মই অনুতপ্ত ।
তাৰে দুখতে মই আজি AGP ৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰিলো। দুখেৰে… অতুল। ”

ইয়াৰোপৰি প্ৰতিকৃতি মৃতদেহটোৰ ওপৰত লিখা আছে ” নাগপুৰ, মন্ত্ৰীত্বৰ স্বাৰ্থত আইক বিক্ৰী কৰিলো, মা নহয় গাদী ডাঙৰ ” ।

উল্লেখ কৰিব লাগিব যে কেবৰ সন্দৰ্ভত নিশ্চুপ ,দুমুখীয়া স্থিতি বা দোধোৰ-মোধোৰ অৱস্থাত থকাৰ পাছত মঙলবাৰে অগপৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে ” বিজেপিয়ে কেব আনিব পাৰে । চৰকাৰৰ সৈতে দৰদাম কৰি কি আদায় কৰিব পাৰো সেয়াহে এই সময়ৰ উচিত চিন্তা। তাৰ বিনিময়ত আমি কিছু বোজা বহন কৰিব লাগিব।”

তেখেতে আৰু কয় যে ১৯৫১-৭১ৰ বাংলাদেশীৰ বোজা আমি ল’লো। এতিয়া আৰু অলপ বাংলাদেশীৰ বোজা লোৱাৰ আপত্তি ক’ত। ”

অতুল বৰাৰ এনে মন্তব্যৰ পিছতেই সৰৱ চৰ্চা হৈছে । আৰু এনে সময়তেই আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত পোৱা যায় অতুল বৰাৰ প্ৰতিকৃতি সহিতে চুইছাইদ নোট ।