লখিমপুৰ, সংবাদ ৩৬৫, ৪ ডিচেম্বৰ : কেন্দ্ৰীয় কেবিনেটত কেব অনুমোদন কৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । পূৰ্বতকৈও আন্দোলন সবল কৰাৰ প্ৰতিশ্ৰুতি সকলো দল-সংগঠনৰ।

লখিমপুৰ জিলা ছাত্ৰ সন্থাই বিভিন্ন কটু মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মা,অতুল বৰা, সৰ্বানন্দ সোণোৱালৰ আদি মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

মই সৰ্বানন্দ সোণোৱাল কেব আনি গাদী ৰখাৰ আশা, মই হিমন্ত কেব আনি চি এম হোৱাৰ আশা, মই অতুল বৰা বিজেপিৰ ওচৰত আঁঠু লোৱা , জাতিৰ আধুনিক বদন ৰঞ্জিত দাস, মই কেশৱ পাৱে পৰি হৰি বিজেপি আৰ এছ এছৰ ওচৰত আদি লিখা প্লে কাৰ্ডৰ সৈতে প্ৰতিকৃতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

অগপৰ তিনি মন্ত্ৰীয়ে কেবক মানি লোৱাক লৈ তীব্ৰ ভাষাৰে নিন্দা কৰে প্ৰতিবাদকাৰীসকলে ।

উক্ত প্ৰতিবাদৰ পাছত ৰাজপথতে প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰীসকলে ।