নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ হৈ থকাৰ সময়তে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ই উৰুৱালে সংগঠনৰ পতাকা।

যিসময়ত অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব কেবৰ বিৰোধীতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে সেই সময়তে সম্পূৰ্ণ নীৰৱ ভূমিকা প্ৰদৰ্শন কৰি আছে পৰেশ বৰুৱা নেতৃত্বাধীন নিষিদ্ধ ঘোষিত সংগঠন আলফা।

এনে সময়তে ৰাজ্যৰ দুই ঠাইত উৰিল আলফা ( স্বা )ৰ পতাকা। শিৱসাগৰৰ শিমলুগুৰিৰ গড়মূৰ চাৰিঅালিৰ লগতে ডিব্ৰুগড়ৰ বৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ত নিশা উৰুৱাই যায় পতাকা ।

পতাকাত লিখি থৈ যায় ” আমি অসমৰ থলগিৰী ৰাইজৰ লগত আছোঁ” ।