নিউজ ডেস্ক, ৫, ১৪ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মুম্বাইত অসমীয়াবাসীৰ প্ৰতিবাদ। প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰিছে জয় বৰুৱা, জাহ্নু বৰুৱা, অংগৰাগ পাপন মহন্তকে ধৰি বহু শিল্পীয়ে ।

ইফালে উড়িশাৰ ভুৱেনৱশ্বৰতো নাগৰিকত্ব আইনৰ বিৰুদ্ধে অসমীয়াবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে মাজুলীত আটক কৰা হৈছে হিংসাত্মক কাৰ্যৰ লগত জড়িত ৩ জনক । ইতিমধ্যে তিনিওজনকে মুকলিৰ দাবীৰে ঘেৰাও কৰা হৈছে মাজুলীৰ গড়মূৰ থানা।

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়তো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰে ।

বাংগালুৰুতো এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া ছাত্ৰই ।