গোৱালপাৰা, সংবাদ ৩৬৫, ৫ ডিচেম্বৰ : শুকুৰবাৰে দিছ্পুৰ লাষ্টগেটত নাগৰিকত্ব সংশোধনী বিলৰ বিৰোধীতাৰে কৃষক মুক্তিয়ে কৰা আন্দোলনৰ বাবে ওলাই অহা কেইবাশতাধিক লোকক কৃষ্ণাইত আটক কৰে।

গোৱালপাৰা জিলাৰ বিভিন্ন স্থানৰ পৰা দিছ্পুৰ লাষ্টগেটত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী বিশাল গণ সমাবেশত অংশগ্ৰহণ কৰিবলৈ আহিছিল। ইয়াৰ পাছতে কৃষ্ণাই আৰক্ষীয়ে সদস্যসকলক আটক কৰে।

এনেদৰে মাজৰাস্তাতে আটক কৰাত ক্ষোভিত হৈ পৰে সদস্যসকল আৰু থানাতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ কৰিব পাৰি যে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে জিলাখনৰ পৰা কেইবাশতাধিক পুৰুষ-মহিলা ১৯ খন বাছসহ ওলাই আহিছিল ।