গুৱাহাটী, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ : সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তাল হৈ থকাৰ সময়তে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

সেই অনুসৰি সংবিধানৰ ৩৪৫ নং অনুচ্ছেদক সংশোধন কৰি অসমীয়াক ৰাজ্যিক ভাষা হিচাপে সংবিধান পদত্ত অধিকাৰ দিয়াৰ বাবে অনুৰোধ জনাব কেন্দ্ৰক। বৰাক উপত্যকা আৰু বড়োলেণ্ডতো অসমীয়া ভাষা সহযোগী ভাষা হিচাপে ৰখাৰ সিদ্ধান্ত।

ৰাজ্যৰ সকলো মাধ্যমৰ বিদ্যালয়তে দশম শ্ৰেণীলৈকে বাধ্যতামূলক হ’ব অসমীয়া ভাষা।

অসমৰ ৬ খন ট্ৰাইবেল কাউন্সিলত সাংবিধানিক মৰ্যদা প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান।

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা হ’ব অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশী লোকৰ বাবে।

একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত
বিশ্বনাথ আৰু শিৱসাগৰ জিলাত ।

সতী সাধনীৰ জন্মদিন ৭ ব’হাগত ৰাজ্যিক বন্ধৰ ঘোষণা চৰকাৰ। ইয়াৰোপৰি গোলাঘাটত স্থাপন কৰা হ’ব সতী সাধনীৰ ৰাজ্যিক বিশ্ববিদ্যালয় ।

বজালী মহকুমাক তৎকালীনভাৱে বজালী জিলালৈ উন্নীতকৰণ। সদৰ হ’ব পাঠশালা।

মৰাণ, মটক, চুতীয়া, আহোমৰ নামত ৫০০ কোটিৰ পুঁজি। টাই আহোম উন্নয়ণ পৰিষদৰ বাবে ২৫০ কোটি টকাৰ সাহায্য।

চাহ জনগোষ্ঠীৰ ছাত্ৰ–ছাত্ৰীৰ বাবে সাধাৰণ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ বাবে বিশেষ আসন সংৰক্ষণ। চাহ বাগিচাৰ ভিতৰত ১০০ খন নতুন হাইস্কুল নিৰ্মাণৰ কাম ৯০ দিনৰ ভিতৰত আৰম্ভ হ’ব কাম। অসম চাহ নিগমত কাম কৰা ব্ৰহ্মপুত্ৰ উপত্যকাত শ্ৰমিকৰ মজুৰি ১৬৭ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত।