গুৱাহাটী, সংবাদ ৩৬৫, ২২ ডিচেম্বৰ : শনিবাৰে কৰ্তন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ এনএছজি নিৰাপত্তা ব্যৱস্থা। ইয়াৰ পাছতেই এখন সংবাদমেল অনুষ্ঠিত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

সংবাদমেলত এন এছ জি নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই এন এছ জি নিৰাপত্তা ব্যৱস্থা কৰ্তন কৰা হৈছে বুলি সন্দেহ ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

সংবাদ মেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, ” আমাক যিমানে হেঁচা দিলেও, প্ৰলোভন দিলেও কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নলওঁ।’‘

“আপোনালোকৰ নিৰাপত্তাৰ কোনো প্ৰয়োজন নাই, ৰাইজেই আমাক নিৰাপত্তা দিছে” – সংবাদ মেলত এনেদৰে কয় প্ৰাক্তন মুখ্যমন্ত্ৰী গকৰাকীয়ে।

ইয়াৰোপৰি এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে পাব লগীয়া সা-সুবিধাৰ পৰা বঞ্চিত কৰি দিলেও তাত কবলগীয়া একো নাই বুলিও জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ।