গুৱাহটী, ১৪ জুন, ২০২৩ : উৎকোচ লৈ পুনৰ দুজন চৰকাৰী কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত ( Two govt employee arrested)। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰিল চৰকাৰী কৰ্মচাৰী দুজন। উৎকোচ লৈ এইবাৰ হাত দাঙিলে দুজনকৈ লাট মণ্ডলে। মাটিৰ কাম কৰি দিয়াৰ বিনিময়ত দাবী কৰিছিল।ধন। ধন দাবী কৰা লোক কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযানত (Anti Corruption Drive) ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী আৰু বিষয়া পৰিছে জালত। ইয়াৰ পিছতো একাংশ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী আৰু বিষয়াই এৰা নাই দুৰ্নীতিৰে ধন ঘটাৰ সহজ পথ। ধনৰ লোভ চম্ভালিব নোৱাৰি দুৰ্নীতিৰে ধন ঘটিবলৈ গৈ পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুজনকৈ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল। এজনে ২০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল আৰু আনজন পৰিল ৫ হাজাৰ টকা লৈ থকা অৱস্থাত।

২০ হাজাৰ টকা লৈ জালত পৰা লাট মাণ্ডলজন হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত জালালুদ্দিন শেখ। মাটিৰ কাম কৰি দিয়াৰ বাবে এজন লোকৰ পৰা জালালুদ্দিন শেখে দাবী কৰিছিল ৫ লাখ টকা। পৰৱৰ্তী সময়ত এই উৎকোচৰ ধন হ্ৰাস পাই ৩ লাখ ৯০ হাজাৰ টকা হৈছিল। ইয়াৰে ২০ হাজাৰ টকা বুধবাৰে (১৪ জুন) লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে জালালুদ্দিন শেখ। দুৰ্নীতি নিবাৰক শাখাই জালালুদ্দিন শেখৰ কবলৰ পৰা উৎকোচৰ ২০ হাজাৰ টকাৰ লগত অতিৰিক্ত ১০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে পৰৱৰ্তী সময়ত জালালুদ্দিন শেখৰ ভাড়া ঘৰত তালাচী চলাই ১ লাখ ১ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৪৩/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে। বুধবাৰে (১৪ জুন) দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা আনজন দুৰ্নীতিগ্ৰস্ত লাট মাণ্ডলজন হৈছে দিগন্ত বৰুৱা। শিৱসাগৰ জিলাৰ নাজিৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত কৰ্মৰত আছিল দিগন্ত বৰুৱা।

লাট মণ্ডল দিগন্ত বৰুৱাই এজন লোকৰ পৰা ১০ হাজাৰ টকা উৎকোচ দাবী কৰিছিল যদিও পৰৱৰ্তী সময়ত উৎকোচৰ ধন ৭ হাজাৰ টকালৈ হ্ৰাস পায়। ইয়াৰে ৫ হাজাৰ টকা বুধবাৰে (১৪ জুন) লৈ থকা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে আটক কৰে লাট মণ্ডল দিগন্ত বৰুৱাক। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে দিগন্ত বৰুৱাৰ কবলৰ পৰা উৎকোচৰ ৫ হাজাৰ টকাৰ লগতে অতিৰিক্ত ১৪ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৪৪/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থা অব্যাহত আছে।