আমিনগাঁও, ১২ মে’ : চি বি এছ ই পাঠ্যক্ৰমৰ শিক্ষাদান আৰম্ভ হ’ব কামৰূপ জিলাত (CBSE education start)। কামৰূপ জিলাত অচিৰেই আৰম্ভ হ’ব চি বি এছ ই পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ ৪ খনকৈ আদৰ্শ বিদ্যালয়ৰ শিক্ষাদান। বিদ্যালয় কেইখন মুকলি কৰাৰ প্ৰস্তুতি তুংগত। ইতিমধ্যে গঠন কৰা হৈছে উন্নয়ন তথা পৰিচালনা সমিতি।

জিলাখনৰ শৈক্ষিক খণ্ডলৈ এক নতুন মাত্ৰা প্ৰদানৰ লক্ষৰে কামৰূপ জিলাত অচিৰেই আৰম্ভ হ’ব ৪ খনকৈ ইংৰাজী মাধ্যমৰ চি বি এছ ই পাঠ্যক্ৰমৰ আদৰ্শ বিদ্যালয়ৰ শিক্ষাদান প্ৰক্ৰিয়া। ইতিমধ্যে ইয়াৰ বাবে নামভৰ্তিৰ প্ৰ-প্ৰত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। নতুনকৈ আৰম্ভ হ’ব লগীয়া এই আদৰ্শ বিদ্যালয় কেইখন হৈছে আদৰ্শ বিদ্যালয়, জালুকবাৰী, আদৰ্শ বিদ্যালয়, কমলপুৰ, আদৰ্শ বিদ্যালয় ছয়গাঁও আৰু আদৰ্শ বিদ্যালয়, হাজো।

ৰংমহল হাইস্কুল (নতুন বিল্ডিং)ত জালুকবাৰী আদৰ্শ বিদ্যালয়, কমলপুৰ গাৰ্লচ হাইস্কুলত কমলপুৰ আদৰ্শ বিদ্যালয়, গৰৈমাৰীত এম এচ ডি পিৰ অধীনত নিৰ্মাণ কৰা আই টি আই বিল্ডিঙত ছয়গাঁও আদৰ্শ বিদ্যালয় আৰু টোক্ৰাদিয়া সানপাৰা হাইস্কুলত হাজো আদৰ্শ বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ’ব। এই বিদ্যালয়কেইখন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে কামৰূপ জিলাৰ উপায়ুক্তক অধ্যক্ষ আৰু সংশ্লিষ্ট এলেকাৰ চক্ৰ বিষয়াক আহ্বায়ক হিচাপে লৈ তথা স্থানীয় বিধায়কক উপদেষ্টা হিচাপে লৈ ইতিমধ্যে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি গঠন কৰা হৈছে।

শুকুৰবাৰে (১২ মে’) কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ অধ্যক্ষতাত সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই চাৰিখন বিদ্যালয়ৰ পৰিচালনা তথা উন্নয়ন সমিতি কেইখনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই অংশগ্ৰহণ কৰা উক্ত বৈঠকত মুকলি হ’বলগীয়া আদৰ্শ বিদ্যালয় কেইখনৰ যাৱতীয় প্ৰস্তুতিৰ বিতং পৰ্যালোচনা কৰা হয়। ইতিমধ্যে বিদ্যালয় কেইখনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগ সম্পৰ্কীয় বিজ্ঞাপন জাৰি কৰাৰ উপৰি নামভৰ্তিৰ প্ৰ-পত্ৰ প্ৰদান কৰি থকা হৈছে।

প্ৰতিখন বিদ্যালয়ত প্ৰথম শ্ৰেণীত ৮০ গৰাকী আৰু ষষ্ঠ শ্ৰেণীত ৮০ গৰাকী বিদ্যাৰ্থীয়ে নামভৰ্তিৰ সুবিধা লাভ কৰিব। প্ৰ-প্ৰত্ৰ সমূহ সংশ্লিষ্ট এলেকাৰ শৈক্ষিক খণ্ডৰ কৰ্যালয়ৰ উপৰি নিকটৱৰ্তী বিদ্যালয়ত প্ৰদান কৰি থকা হৈছে। আদৰ্শ বিদ্যালয় ছয়গাঁৱৰ বাবে অভিভাৱক সকলে ইতিমধ্যে প্ৰায় ৫০০ খন প্ৰ-প্ৰত্ৰ সংগ্ৰহ কৰিছে। আন ৩ খন আদৰ্শ বিদ্যালয়ৰ প্ৰ-প্ৰত্ৰ প্ৰদানৰ প্ৰক্ৰিয়াও পুৰ্ণোদ্যমে চলাই থকা হৈছে। প্ৰথম শ্ৰেণীৰ নামভৰ্তিৰ বাবে ৬ ৰ পৰা ৮ বছৰ আৰু ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ১০ ৰ পৰা ১২ বছৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে।

এই বিদ্যালয় কেইখনত নামভৰ্তিৰ বিনামূলীয়া সুবিধাৰ উপৰি ইউনিফৰ্ম, পাঠ্যপুথি, মধ্যাহ্ন ভোজন বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। ৰাজ্য চৰকাৰৰ উদ্যোগত আৰম্ভ হ’বলগীয়া তথা উন্নত শিক্ষাদান, স্মাৰ্ট শ্ৰেণী কোঠা ইত্যাদিৰ সুবিধাৰে সমৃদ্ধ হ’বলগীয়া এই বিদ্যালয় কেইখনে জিলাখনৰ সামগ্ৰিক শৈক্ষিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।