গুৱাহাটী, ১২ মে’ : গুৱাহাটীত ওলাইছে নাহৰফুটুকী বাঘ। পুনৰ বনাঞ্চলৰ পৰা ওলাই জনাঞ্চলত প্ৰৱেশ নাহৰফুটুকী বাঘৰ। মহানগৰীত নাহৰফুটুকী বাঘৰ আক্ৰমণত মহিলাসহ আহত দুজন (A Lady and a man)। কুকুৰ এটাও ভক্ষণ কৰে নাহৰফুটুকী বাঘটোৱে। অঞ্চলজুৰি বিৰাজ কৰিছে এক আতংকময় পৰিৱেশৰ।

শুকুৰবাৰে পুৱাই মহানগৰী গুৱাহাটীৰ ফটাশিল অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ফটাশিলৰ জি এছ কলনীত বনাঞ্চলৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ প্ৰৱেশ কৰাত জি এছ কলনীৰ ৰাইজ আতংকিত হৈ পৰে। অঞ্চলটোত নাহৰফুটুকী বাঘটোৱে যে কেৱল মাত্ৰ মুক্ত বিচৰণ কৰে তেনে নহয়, প্ৰকাণ্ড নাহৰফুটুকী বাঘটোৱে এজন লোকৰ ঘৰত প্ৰৱেশ কৰি এগৰাকী মহিলা আৰু এজন লোকক আক্ৰমণ কৰে।

নাহৰফুটুকী বাঘটোৰ আক্ৰমণত আহত হোৱা মহিলা গৰাকী হৈছে জি এছ কলনীৰ সুমন দেৱী আনহাতে আহত আনজন লোক হৈছ মুনিৰ কুমাৰ সিঙ। আহত দুয়োকে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হয়। জি এছ কলনীৰ এজন স্থানীয় ৰাইজে জানিবলৈ দিয়ে যে নাহৰফুটুকী বাঘটো প্ৰকাণ্ড আছিল আৰু এটা কুকুৰো ভক্ষণ কৰে নাহৰফুটুকী বাঘটোৱে।

স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে ধীৰেনপাৰাৰ পাহাৰীয়া অঞ্চলটোৰ পৰা নাহৰফুটুকী বাঘটো খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল। সমগ্ৰ ফটাশিল অঞ্চলবাসী ৰাইজ নাহৰফুটুকী বাঘটোৰ মুক্ত বিচৰণকলৈ আতংকিত হৈ আছে। অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰে নাহৰফুটুকী বাঘটোক পিঞ্জৰাৱদ্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে।

উল্লেখ্য যে ধীৰেনপাৰা অঞ্চলত পূৰ্বে কেইবাটাও নাহৰফুটুকী বাঘ বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হৈছে। বনাঞ্চল ধ্বংসৰ ফলত মহানগৰীৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলত প্রায়ে নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা যায়। বিশেষকৈ মালিগাঁও আৰু কামাখ্যা অঞ্চলৰ বন বিভাগে বহু কেইটা নাহৰফুটুকী বাঘ ধৰিবলৈ সক্ষম হৈছে।

মহানগৰীত প্ৰায়ে নাহৰফুটুকী বাঘ দেখিবলৈ পোৱা যায় যদিও প্ৰকৃতিপ্ৰেমী সকলে পূৰ্বৰ তুলনাত মহানগৰীত নাহৰফুটুকী বাঘৰ সংখ্যা হ্ৰাস পোৱা বুলি দাবী জনায়। মহানগৰীত বনাঞ্চল ধ্বংসৰ ফলত নাহৰফুটুকী বাঘে বাসস্থান হেৰুৱাইছে যাৰ পৰিনাম স্বৰূপে মহানগৰীত দ্ৰুত গতিত হ্ৰাস পাইছে নাহৰফুটুকী সংখ্যা বুলিও দাবী কৰে প্ৰকৃতিপ্ৰেমী সকলে।

বনাঞ্চল ধ্বংসৰ ফলত কেৱল নাহৰফুটুকী বাঘে নহয়, মহানগৰী গুৱাহাটীত থকা পাহাৰ আৰু বনাঞ্চল সমূহৰ বনৰীয়া জন্তু সকলৰ অস্তিত্বলৈও নামি আহিছে সংকট। ইয়াৰে পৰিনাম স্বৰূপে মহানগৰীত মানুহ আৰু বন্যপ্ৰাণীৰ মাজৰ সংঘাত দিনক দিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অসমৰ অন্যান্য প্ৰান্ততো বনাঞ্চল সংকুচিত হোৱাৰ ফলত বৃদ্ধি পাইছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ ঘটনা।