কুন্দন ভৰালী

নগাঁও

১৯ জানুৱাৰী

বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান। অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু ফটোগ্ৰাফী ইনষ্টিটিউট অৱ আসামৰ সহযোগত প্ৰদান কৰা হয় বঁটা।

বিশিষ্ট আলোকচিত্ৰ শিল্পী প্ৰয়াত অমূল্য মান্নাৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি মঙলবাৰে অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰা হয়। নগাঁৱৰ কিশালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ৯০ বছৰত ভৰি দিয়া তেজপুৰৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক। নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট আলোকচিত্ৰ শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ডঃ হীতেশ ডেকাই।

অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত প্ৰদান কৰা অমূল্য মান্না আলোকচিত্ৰ বঁটা গ্ৰহণ কৰি দিয়া ভাষণত নলিনীকান্ত বৰুৱাই কয় “মই ৯০ বছৰত ভৰি দিলোঁ এতিয়াও এখন ভাল ফটো তোলাৰ অপেক্ষাত আছো”। সভাত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ডঃ আবু হানিফাও উপস্থিত থাকি ভাষণ প্ৰদান কৰে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই অমূল্য মান্নাৰ সু পুত্ৰ তথা বিশিষ্ট চলচিত্ৰ নিৰ্মাতা অৰূপ মান্নাই।