গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীল নীতিক আওকাণ কৰি চৰকাৰক বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত অব্যাহত আছে অবৈধ কয়লাভৰ্তি ট্ৰাকৰ ৰমৰমীয়া ব্যৱসায় । ইয়াৰ সকলো তথ্য অপৰাধ অনুসন্ধান শাখাৰ লগতে আৰক্ষীৰ ওচৰত থকাৰ পাছতো এই সমূহ অবৈধ ট্ৰাকক নাকী লগাবলৈ সক্ষম হোৱা নাই প্ৰশাসনে। চি আই ডি আৰু আৰক্ষীয়ে মাজে মাজে অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই যদিও কলা হীৰাৰ অবৈধ ব্যৱসায়ক সম্পূৰ্ণৰূপে নাকী লগাব পৰা নাই । যাৰ সুযোগ লৈ একাংশ মাফিয়াই অব্যাহত ৰাখিছে নোৱাৰে । বছৰেকত এবাৰ বা দুবাৰ অভিযান কৰিয়েই দায়িত্ব সামৰে।

উল্লেখযোগ্য যে চি আই ডিৰ এটা দলে এক গোপন সূত্ৰৰ জৰিয়তে তথ্য লাভ কৰিছিল মেঘালয়ৰ ৬ নং ৰাষ্ট্ৰীয় ঘাই পথত গুৱাহাটী মহানগৰীলৈ প্ৰৱেশ কৰিবলৈ ৰৈ থকা অবৈধ কয়লা ভৰ্তি ট্ৰাকৰ । এই তথ্য লাভ কৰাৰ পাছতে মঙলবাৰৰ নিশাৰ পৰা বুধবাৰৰ পুৱতি নিশা পৰ্যন্ত এক অভিযান চলাই আৰু অভিযানত মাত্ৰ এখনহে অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে যদিও আন এখন কয়লা ভৰ্তি ট্ৰাক পলাই যাবলৈ সক্ষম হয়।

কয়লা কেলেংকাৰীৰ সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাই তদন্ত কৰি থকাৰ সময়ছোৱাত ৰাজ্যত বৰ্তমানেও অব্যাহত আছে কলা হীৰাৰ ৰমৰমীয়া ব্যৱসায়।

ইয়াৰ দ্বাৰাই প্ৰমাণিত হয় যে অসম আৰু মেঘালয়ৰ কয়লা ব্যৱসায়ৰ লগত জড়িত লোকসকলে অসম আৰু মেঘালয়ৰ আৰক্ষীক মেনেজ কৰি এতিয়াও অব্যাহত ৰাখিছে কয়লা ব্যৱসায়।

এনেদৰে আৰক্ষী প্ৰশাসনৰ সন্মুখতে চলি আছে চোৰাং কয়লাৰ মুকলি বেহাৰ । যদিও সোণোৱাল চৰকাৰে ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ বাবে কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কিন্তু উভট গোৰে নাচিছে এইসমূহ অবৈধ কয়লা ব্যৱসায়ীয়ে ।

প্ৰাপ্ত তথ্য অনুসৰি বিগত দুই দিন ধৰি প্ৰায় ৫০০ অবৈধ কয়লা ভৰ্তি ট্ৰাক গুৱাহাটীত প্ৰৱেশ কৰিবৰ বাবে ৬ নং ৰাষ্ট্ৰীয় ঘাই পথত অসম আৰক্ষীৰ গ্ৰীণ চিগনেলৰ বাবে ৰৈ আছে। আগন্তুক দিনত এই ট্ৰাকসমূহ জব্দ কৰিব নে গোপন বুজা বুজিৰ মাজেৰে যাবলৈ দিব সেয়াহে হ’ব লক্ষণীয়। কাৰণ বহুতো এনেধৰণৰ কাঠ, কয়লা, শিল , বালি আদিৰ চোৰাং ব্যৱসায়সমূহ মেনেজ কৰা পৰিলক্ষিত হৈছে ।

প্রশ্ন উঠে আৰক্ষী তথা প্ৰশাসনৰ ওচৰত সকলো তথ্যৰ লগতে এইসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবে ক্ষমতা থকাৰ পাছতো কিয় বন্ধ নহয় এনেধৰণৰ অবৈধ ব্যৱসায় । যিমানেই চৰকাৰৰ সলনি হৈছে সিমানেই যেন বাঢ়ি গৈছে এনেধৰণৰ অপৰাধমূলক কাৰ্য্য, অবৈধ ব্যৱসায় ।