নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছীত অৱস্থিত বিজ্ঞান সংস্থা ‘ক্লাইমেট চেণ্ট্ৰেল’ৰ দ্বাৰা প্ৰকাশিত গৱেষণামূলক নিবন্ধত প্ৰকাশ পাইছে যে কেইটামান বছৰৰ পাছত অৰ্থাৎ ২০৫০ চনৰ ভিতৰত মায়ানগৰী মুম্বাই ডুব যাব পানীৰ তলত । সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ বাবে বুৰ যাব পাৰে পানীৰ তলত।

গৱেষণা অনুসৰি প্ৰায় ডেৰ কোটি মুম্বাইৰ বাসিন্দা এক শক্তিশালী জোৱাৰৰ দ্বাৰা প্ৰভাৱিত হ’ব যাৰ বাবে পানীৰ তলত বুৰ যাব পাৰে মুম্বাই মহানগৰী ।

ইয়াৰ বাবে মুম্বাইৰ বাসিন্দাসকলে বেলেগ ঠাইলৈ যোৱাটো ভাল বুলি মত প্ৰকাশ কৰিছে ডিনা ল’নেস্কুৱে । ডিনা ল’নেস্কু হৈছে প্ৰব্ৰজনকেন্দ্ৰিক আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ এজন কৰ্মকৰ্তা।