নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ : একেৰাহে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত দাম বাঢ়িছে পিয়াঁজৰ। ৫ থকাকৈ বাঢ়ি আছে প্ৰতি কেজি পিয়াঁজৰ দাম । বৰ্তমান প্ৰতি কেজি পিয়াঁজৰ দাম চুইছেগৈ ৮০ ৰ ঘৰ।

নেশ্যনেল এগ্ৰিকালচাৰেল কো অপাৰেটিভ মাৰ্কেটিভ ফেডাৰেশ্বন অব ইণ্ডিয়া লিমিটেডৰ ডাইৰেক্টৰ নানা চাহেব পেটেলে পিয়াঁজৰ এই অত্যধিক মূল্যৰ সন্দৰ্ভত কয় যে অত্যাধিক বৰষুণৰ বাবে মধ্যপ্ৰদেশ , গুজৰাট, মহাৰাষ্ট্ৰ আদি ৰাজ্যসমূহত পিয়াঁজৰ খেতি নষ্ট হৈছে। পিয়াঁজৰ যি যোগান আহিব লাগিছিল সেই যোগান আহিব ছেপ্টেম্বৰৰ পৰিবৰ্তে অক্টোবৰ মাহত ।

এক তথ্য অনুসৰি যোৱাবছৰৰ তুলনাত চলিত বছৰত পিয়াঁজৰ উৎপাদন প্ৰায় আধা কমি গৈছে। ভাৰতৰ বজাৰত পিয়াঁজৰ চাহিদা অনুসৰি যিমান যোগান আহিব লাগিছিল তাৰ পৰিৱৰ্তে খুৱেই কম যোগান আহিছে । য’ত পূৰ্বতে ৬ – ৬.৫ লাখ মেট্ৰিকটন পিয়াঁজৰ যোগান ধৰা হয় তাৰ পৰিৱৰ্তে ২০১৯ ৰ ছেপ্টেম্বৰ মাহত বজাৰলৈ পিয়াঁজ আহিছে মাত্ৰ ৩.১ মেট্ৰিকটন । যাৰ বাবে দাম বাঢ়িছে পিয়াঁজৰ।

উল্লেখযোগ্য যে পিয়াঁজৰ খেতি সৰ্বাধিক পৰিমাণে কৰা নাছিকত ২০১৮ চনত অৰ্থাৎ যোৱাবছৰত পিয়াঁজ দলিয়াই দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল । ইয়াৰোপৰি পিয়াঁজৰ উচিত মূল্য নাপাই দুজনকৈ খেতিয়কে আত্মহত্যাও কৰিছিল।

দুই বছৰমানৰ মানৰ পৰা পিয়াঁজৰ খেতি কমকৈ কৰি আহিছিল পিয়াঁজৰ খেতিয়কসকলে। বৰ্তমানৰ ঊৰ্ধগামী হাৰত হৈ থকা পিয়াঁজৰ মূল্যৰ সন্দৰ্ভত খেতিয়কসকলৰ মন্তব্য যোৱা তিনিটা বছৰত খেতিয়কসকলে নোপোৱা মূল্যৰ পৰিণতি।

পিয়াঁজৰ মূল্য নিয়ন্ত্ৰিত কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শনিবাৰে জনতা ভৱনৰ এক সন্মিলনত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কামক সমীক্ষা কৰি বিভাগটোক শক্তিশালী কৰিবৰ কাৰণে আহ্বান জনায়।

উল্লেখ্য যে বিগত সময়ত জনসাধাৰণ আৰু চৰকাৰৰ বাবে এক চিন্তাৰ বিষয় আছিল পিয়াঁজৰ মূল্যবৃদ্ধি ।