কলগাছিয়া : ৰাইজে আটক কৰিলে এজন মোবাইল ফোন চোৰক। মোবাইল ফোন চুৰ কৰি কেইবাদিন ধৰি আত্মগোপন কৰি আছিল চোৰজন। অৱশেষত ৰাইজে আটক কৰিবলৈ সক্ষম হ’ল মোবাইল চোৰজনক। এতিয়া ৰঙা ঘৰৰ আলহী।

বৰপেটা জিলাৰ কলগাছিয়াত ৰাইজে এজন মোবাইল ফোন চোৰক আটক কৰি আৰক্ষীক গতাই দিয়ে। বৃহস্পতিবাৰে দিনৰ ভাগত কলগাছিয়া চাৰিআলি চকৰ পৰা ৰাইজে মোবাইল চোৰজনক আটক কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়ে। মোবাইল চোৰজনৰ নাম চালমান আলী বুলি জানিব পৰা গৈছে।

চলমান আলীয়ে কিছুদিন পূর্বে বৰপেটা ৰোডৰ এগৰাকী কুঁহিয়াৰ বেপাৰীৰ পৰা ফোন কৰিম বুলি তেওঁৰ মোবাইল ফোন লৈছিল। ফোন কৰি থাকোতে চলমান আলীয়ে কুঁহিয়াৰ বেপাৰীৰজনৰ মোবাইল ফোন লৈ উধাও হৈছিল। ইয়াৰ পিছৰে পৰা কেইবাদিন ধৰি আত্মগোপন কৰি আছিল চলমান আলী।

অৱশেষত বৃহস্পতিবাৰে কলগাছিয়া গাঁৱৰ মোবাইল ফোন চোৰ চলমান আলী ওলাই অহাত ৰাইজে কলগাছিয়াৰ মাজমজিয়াৰ পৰা চলমান আলীক আটক কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়ে। কলগাছিয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে মোবাইল চোৰ চলমান আলীক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে চলমান আলী নামৰ মোবাইল চোৰজনে পূৰ্বেও এনে কাৰ্য সংঘটিত কৰিছিল। কলগাছিয়াৰ বিভিন্ন অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰি চলমান আলীয়ে সন্ত্ৰাস চলাই আহিছিল। অৱশেষত বৃহস্পতিবাৰে চলমান আলী আটক হোৱাত কলগাছিয়াৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে।