কলগাছিয়া : কলগাছিয়া গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগ আঁচনিৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। অৰ্ধনিৰ্মিত কাম কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৰাইজৰ। বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৰাইজৰ। 

বৰপেটা জিলাৰ কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। জনীয়া সমষ্টিৰ ৰূপসী উন্নয়ন খণ্ডৰ ৫৫ নং কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত গুনীয়ালগুৰি গাঁৱত ২০১৮-১৯ বৰ্ষৰ অধীনত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত আবন্টিত ৩ লাখ টকা ব্যায় সাপেক্ষে পথ নিৰ্মাণৰ কাম হৈছিল।

পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। উল্লেখ্য যে গুনীয়ালগুৰি গাঁৱৰ চান মিয়াৰ ঘৰৰ পৰা হাবিল উদ্দিনৰ ঘৰলৈ যোৱা পথৰ কাম আৰম্ভ হৈছিল যদিও ৰাইজৰ অভিযোগ মতে, অৰ্ধনমিত কাম কৰি বাকী কাম নকৰাকৈ ব্যাপক দুৰ্নীতি সংঘটিত কৰি ধন আত্মসাৎ কৰা হৈছে। ৰাইজে পঞ্চায়ত সভাপতি ৰফিক ভূঞাৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বুধবাৰে স্থানীয় ৰাইজে ক্ষোভিত হৈ ৰূপসী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। এতিয়া প্ৰশ্ন হয় এই দুৰ্নীতি পৰায়ন প্ৰতিনিধি সকলক কোনে নাকী লগাব? নে এইদৰেই দুখীয়া শ্ৰেণীৰ ৰাইজক লুটি পুতি খাবলৈ জন প্ৰতিনিধি সকলক নিৰ্বাচিত কৰা হৈছে।বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।